পণ্টক লৈ সমস্যা নাইঃ ঋদ্ধিমান
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ ভাৰতীয় দলত স্থান লাভ কৰাৰ ক্ষেত্রত ঋষভ পণ্টে হেঙাৰ হিচাপে দেখা দিছে যদিও ইয়াক লৈ বিশেষ চিন্তিত নহয় উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহা৷ সদ্যসমাপ্ত অষ্ট্রেলিয়া ভ্রমণত ঋষভ পণ্টে দাঙি ধৰা দুর্দান্ত প্রদর্শনৰ পিছতে ক্রিকেট বিশেষজ্ঞই ভাৰতীয় দলত ঋদ্ধিমান সাহাৰ প্রত্যাৱর্তন অসম্ভৱ বুলি মন্তব্য আগবঢ়াইছে যদিও এইক্ষেত্রত ঋদ্ধিমান সাহাই কয় যে ঋষভ পণ্ট এগৰাকী ভাল বেটছমেন৷ কিন্তু মই সৰুৰে পৰাই প্রথমে বেটিঙতকৈ উইকেটকীপিঙত অধিক গুৰুত্ব দি আহিছোঁ৷ কিন্তু এইক্ষেত্রত পণ্টে কি ভাবে সেই সন্দর্ভত মই অজ্ঞাত৷ অৱশ্যে পণ্ট যেতিয়া বেটিং কৰিবলৈ ক্রিজত নামে, তেতিয়া তেওঁক অধিক আত্মবিশ্বাসী যেন দেখা পোৱা যায়৷ ভাৰতীয় দলটোত স্থান লাভ কৰা–নকৰাৰ ক্ষেত্রত ঋষভ পণ্ট মোৰ হেঙাৰস্বৰূপ হ’ব নোৱাৰে৷ কাৰণ, দলীয় মেনেজমেণ্টৰ ওপৰতহে নির্ভৰ কৰিব দলত স্থান লাভ কৰাটো৷
ঋষভ পণ্টে অষ্ট্রেলিয়া ভ্রমণত দাঙি ধৰা প্রদর্শনক প্রশংসা কৰি ঋদ্ধিমান সাহাই লগতে কয় যে প্রতিভাৱান উইকেটকীপাৰ বেটছমেনগৰাকীক লৈ মোৰ কোনো সমস্যা নাই আৰু মই ভাবোঁ তেওঁৰো মোক লৈ কোনো সমস্যা নাই৷ মই সদায়েই পণ্টে উন্নত প্রদর্শন দাঙি ধৰাটো বিচাৰি আহিছোঁ৷ ইফালে, অষ্ট্রেলিয়া ভ্রমণত তেওঁ দাঙি ধৰা প্রদর্শন সন্দর্ভত ঋদ্ধিমান সাহাই কয় যে এডিলেইডত খেলা প্রথমখন টেষ্টতহে তেওঁ ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰিছিল৷ উক্ত টেষ্টখনত তেওঁ আশা কৰা মতে প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷ টেষ্টখনৰ কিছু সময় পূর্বে তেওঁ জানিব পাৰিছিল যে ভাৰতীয় দলটোৰ মূল একাদশত তেওঁৰ নাম আছে৷ ইফালে, অষ্ট্রেলিয়া ভ্রমণত শ্বেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেই দাঙি ধৰা চমকপ্রদ প্রদর্শনকো ভূয়সী প্রশংসা কৰে উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহাই৷