নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিগ্রস্ত উপাচার্যৰ বিৰুদ্ধে শিক্ষক বিদ্রোহ

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসত নজিৰবিহীন ঘটনা

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ উজনি অসমৰ শিক্ষাৰ প্রাণকেন্দ্র ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসত সোমবাৰে সংযোজিত হ’ল এক নজিৰবিহীন ঘটনা৷ বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে উত্থাপিত বিয়াগোম দুর্নীতি–নিয়ম আৰু স্বজনতোষণৰ অভিযোগৰ নিৰপেক্ষ তদন্তৰ দাবীত কার্যতঃ বিদ্রোহ ঘোষণা কৰিলে শিক্ষক সমাজে৷ শিক্ষাগুৰুসকলৰ এই বিদ্রোহত চামিল হ’ল ৰাজ্যৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনৰ বিষয়া–কর্মচাৰী আৰু ছাত্র–ছাত্রীসকলো৷ ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ কার্যালয়ৰ পৰা সন্মিলিতভাৱে এক প্রতিবাদী সমদল উলিয়াই উচ্চ শিক্ষানুষ্ঠানখনৰ চৌহদ উত্তাল কৰি তোলে৷ ইমানতে ক্ষান্ত নাথাকি প্রতিবাদকাৰী শিক্ষক–শিক্ষার্থীসক ঘেৰাও কৰে উপাচার্যৰ কার্যালয়৷

উল্লেখ্য যে অতি শেহতীয়াকৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে বিভিন্ন দুর্নীতি–নিয়ম, বিত্তীয় কেলেংকাৰি আৰু স্বজনতোষণৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগক লৈ ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাই উপাচার্য ড০ ৰঞ্জিত তামুলীৰ ওচৰত কেতবোৰ প্রশ্ণ তুলি সমগ্র বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছিল৷ কিন্তু উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে প্রশ্ণসমূহৰ সন্তোষজনক তথা সদুত্তৰ দিব নোৱাৰাত দীর্ঘদিনৰে পৰা ক্ষুব্ধ হৈ থকা শিক্ষক সমাজে আজি প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ ছাত্র–ছাত্রীৰ পাঠদান, গৱেষণা, পৰীক্ষা সংক্রান্তীয় কাম–কাজ আদিৰ দৰে বিদ্যায়তনিক আৰু প্রশাসনিক কাম–কাজত কোনোধৰণৰ বাধাৰ সৃষ্টি নোহোৱাকৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই আজি দিনৰ প্রায় ১ বজাত প্রতিবাদী সমদল উলিয়ায়৷ প্রতিবাদী সমদলৰ অন্তত ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাই উচ্চ শিক্ষানুষ্ঠানখনৰ আচার্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ দুর্নীতিৰ অভিযোগ সন্দর্ভত নিৰপেক্ষ তদন্ত আৰু যথোপযুক্ত পদক্ষেপ গ্রহণৰ অনুৰোধ জনাই পৃথকে পৃথকে স্মাৰক–পত্র প্রদান কৰে৷

মন কৰিবলগীয়া যে উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে থকা ‘অভিযোগনামা’ যথেষ্ট দীঘলীয়া৷ নিজৰ বাবে ২৫ লাখটকীয়া ইন’ভা ক্রয় কৰাৰ পাছতহে নিবিদা আহ্বান, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন পদৰ নতুন নিযুক্তি–ৱসৰৰ পাছত পুনৰ নিয়োগৰ ক্ষেত্রত স্বজনতোষণ, অসমীয়া বিভাগত সংঘটিত টাইলছ কেলেংকাৰি সম্পর্কত সজাগতা কোষে দাখিল কৰা তদন্তৰ প্রতিবেদন গাপ দি ৰখা, অস্তিত্বহীন হোটেলত নৈশ যাপনৰ ভুৱা বিল দাখিল কৰি পুঁজি উলিয়াই নিয়া, ‘ডিব্রুগড় বিশ্ববিদ্যালয় আইন’সহ উচ্চ শিক্ষানুষ্ঠানখনৰ বিভিন্ন বিধি–ধ্যাদেশ আদি পদে পদে অৱমাননা কৰা, প্রশাসনিক–বিদ্যায়ত্ ক্ষেত্রত দেখা দিয়া স্থবিৰতা দূৰ কৰিবলৈ সুব্যৱস্থা গ্রহণ নকৰা, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন নির্মাণ–যোগান কার্যত ছিণ্ডিকেট গঢ়ি তোলা, নিবিদা আহ্বান–ঠিকা আবণ্টনৰ ক্ষেত্রত ভাৰত চৰকাৰৰ কেন্দ্রীয় সজাগতা কোষৰ পৰামর্শৱলী–সাধাৰ বিত্তীয় নিয়মাৱলী উলংঘন, প্রজেক্ট মনিটৰিং কোষ স্থাপনৰ বাবে প্রচলিত প্রক্রিয়া উলংঘা কৰি বিভিন্ন সা–সৰঞ্জাম ক্রয়েৰে বিত্তীয় অনিয়মক প্রশ্রয় দিয়াকে ধৰি উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ লক্ষণীয়ভাৱে এনেধৰণৰ অভিযোগ উত্থাপন হোৱাৰ পাছত শিক্ষক সমাজে বিদ্রোহ ঘোষণাৰে প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ বিপৰীতে উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে পঞ্জীয়ক আৰু গাণনিক বিষয়ালৈ দোষ ঠেলি দি আভুৱা–ভাঁৰা মন্তব্য কৰিছে৷ উপাচার্যৰ কার্যালয়ৰ সন্মুখত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে বাহিৰলৈ ওলাই আহি ড০ ৰঞ্জিত তামুলীয়ে কয়– ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে যিবোৰ দাবী উত্থাপন কৰি আজি স্মাৰক–পত্র প্রেৰণ কৰিছে তাত মোৰো সমর্থন আছে৷ ময়ো এক নিৰপেক্ষ তদন্ত কামনা কৰিছোঁ৷ আশা ৰাখিছোঁ ৰাজ্য চৰকাৰে নিৰপেক্ষ তদন্তৰে প্রস্তুত কৰা প্রতিবেদনে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজক আশ্বস্থ কৰিব পাৰিব৷ চৰকাৰে নিৰপেক্ষ তদন্ত কমিটী গঠন কৰি প্রতিবেদন প্রকাশ কৰিব৷ ইয়াৰ অন্তত চৰকাৰে যি সিদ্ধান্ত লয়, সেই সকলোবোৰ মূৰ পাতি ল’বলৈ মই বাধ্য থাকিম৷ উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে সদৰী কৰা অনুসৰি যোৱা ২৪ জানুৱাৰীলৈ প্রকাশিত বাতৰি সন্দর্ভত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কার্যনির্বাহক পৰিষদৰ সৈতে আলোচনা কৰি এখন ফেক্ট ফাইণ্ডিং কমিটী গঠন কৰি দিছে৷ এই কমিটীয়ে প্রকাশিত বাতৰিৰ সত্য–সত্যতা নিৰূপণ কৰিব৷ ডিব্রুগড় বিশ্ববিদ্যালয়ত ধনৰ লেনদেনৰ ক্ষেত্রত উপাচার্যৰ স্বাক্ষৰৰ কোনো প্রয়োজন নহয়৷ বিভাগীয় পঞ্জীয়ক আৰু গাণনিক বিষয়াই স্বাক্ষৰ কৰাৰ পাছতহে এক দীঘলীয়া প্রক্রিয়াৰ মাজেৰে উপাচার্যৰ ওচৰলৈ অনুমোদনৰ বাবে আহে৷ তেতিয়া তাত অনুমোদন দিয়াৰ বাবে উপাচার্যৰ আন কোনো বিকল্প নাথাকে৷ উপাচার্যৰ নামত কোনো টকা নাহে৷ বিভাগীয় পঞ্জীয়কৰ নামতহে পুঁজি আহে৷ উপাচার্যৰ ৫০০ টকা দিয়াৰো কর্তৃত্ব নাই৷ বিগত পাঁচ বছৰত উপাচার্য–পঞ্জীয়ক সলনি হ’ল, কিন্তু বিত্তীয় বিভাগৰ বিষয়া–কর্মচাৰী সলনি হোৱা নাই৷ বিভাগীয় পঞ্জীয়ক , গাণনিক বিষয়া আৰু বিত্তীয় বিভাগৰ বিষয়া–কর্মচাৰীসক চালি–জাৰি চাইহে চহী কৰি সেই সম্পর্কীয় নথি উপাচার্যলৈ প্রেৰণ কৰাৰ কথা উল্লেখ কৰি তেওঁ আওপকীয়াকৈ সকলো দোষ সংশ্লিষ্ট বিষয়াসকললৈ ঠেলি দিব বিচাৰে৷ উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে বিগত পাঁচ বছৰৰ বিত্তীয় খেলিমেলিৰ এক নিৰপেক্ষ তদন্তৰ দাবী তোলে৷ বিগত ২০১৮ চনৰ জুলাই মাহত উপাচার্য পদত যোগদান কৰা ড০ ৰঞ্জিত তামুলীয়ে নিজৰ আঢ়ৈ বছৰীয়া কার্যকালত ৭০ কোটিৰো অধিক টকা সঞ্চয় কৰা বুলি উল্লেখ কৰিছে৷

ইফালে, ড০ ৰঞ্জিত তামুলীৰ এনে মন্তব্যত জাঙুৰ খাই উঠিছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা৷ ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ড০ লক্ষীৰাম শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে ভুল তথ্যৰে বিচলিত কৰিব বিচাৰিছে৷ হয়, তেওঁ ঠিকেই কৈছে– পঞ্জীয়কে স্বাক্ষৰ কৰিব পাৰে৷ কিন্তু পঞ্জীয়কে ৫০ হাজাৰ টকাৰ অধিক পুঁজিত অনুমোদন বা স্বাক্ষৰ কৰিব নোৱাৰে৷ ৫০ হাজাৰ টকাৰ অধিক পুঁজিৰ চেকত উপাচার্যই অনুমোদন জনালে বা স্বাক্ষৰ কৰিলেহে ধন হস্তান্তৰ কৰিব পাৰি৷ অর্থাৎ ৰৌ–বৰালি উপাচার্যৰ হাতৰ মুঠিত৷ যিখন ফেক ফাইণ্ডিং কমিটী গঠন কৰি দিয়া হৈছে সেইখনো ন্যায়সংগত নহয় বুলি মন্তব্য কৰে ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ড০ লক্ষীৰাম শইকীয়াই৷ তেওঁ কয় যে যোৱা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰৰ ভিতৰত ডিব্রুগড় বিশ্ববিদ্যালয়ত নতুন নামভর্তি প্রক্রিয়া আৰম্ভ হৈছিল৷ বিষ্ণু ৰাভা প্রেক্ষাগৃহত হোৱা নামভর্তিৰ সময়ত শুকান বাঁহ আৰু কাপোৰৰ কাউণ্টাৰ বনোৱাৰ নামত ব্যয় কৰা হয় ১,৪৮,৪০০ টকা৷ পঞ্জীয়কে ৫০ হাজাৰৰ অধিক পুঁজিত অনুমোদন বা চহী কৰিব নোৱাৰে৷ তেনেস্থলত এইখন বিল কাৰ দ্বাৰা অনুমোদন হ’ল৷ নিশ্চয় উপাচার্যই কৰিব লাগিব৷ এয়া বিত্তীয় খেলিমেলি নহয় কি বুলি ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভাপতিজনে প্রশ্ণ উত্থাপন কৰে৷ উচ্চ শিক্ষানুষ্ঠানখনত হোৱা বিত্তীয় কেলেংকাৰি উদঙাই তেওঁ ৰাজহুৱা কৰা এক তথ্য অনুসৰি ২০২০ চনৰ ২৪ মার্চত ২৫ লাখ টকা ব্যয়েৰে এখন ইন’ভা বাহন ক্রয় কৰা হৈছিল৷ কিন্তু এই গাড়ীখনৰ বাবে নিবিদা আহ্বান কৰা হয় সেইবছৰৰ ১৪ জুলাইতহে৷ তদুপৰি সেইবছৰৰে ২৪ আগষ্টত বাহনখন ক্রয়ৰ বাবদ সমুদায় ধন মোকলাই দিয়া হৈছিল৷ শিক্ষক সমাজৰ দৰে ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত দুর্নীতি সন্দর্ভত ছাত্র সমাজেও প্রতিক্রিয়া ব্যক্ত কৰি উত্থাপিত অভিযোগৰ বিপৰীতে উচিত তদন্তৰ বাবে চৰকাৰক দাবী জনাইছে৷ ডিব্রুগড় বিশ্ববিদ্যালয় আছু গোটৰ ডেভিদ হাজৰিকাই কয়– সমগ্র ঘটনা তথা অভিযোগ সন্দর্ভত এক উচ্চস্তৰীয় তদন্ত হ’ব লাগে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৱিত্র মজিয়াত দুর্নীতিয়ে গা কৰি উঠাত আমি বাধা আৰোপ কৰিম আৰু শিক্ষক সমাজৰ এনে প্রতিবাদী কার্যসূচী সমর্থন কৰি যাম৷

You might also like