নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰণোত্তৰভাৱে তৰুণ গগৈলৈ পদ্মভূষণ সন্মান

গণৰাজ্য দিৱসৰ প্রাক সন্ধিয়া অসমৰ ৯গৰাকীলৈ পদ্ম বঁটা

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা ঘোষণা কৰা হৈছে৷ গণৰাজ্য দিৱসৰ প্রাকসন্ধিয়া পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্রী বঁটা ১১৯গৰাকীলৈ আগবঢ়োৱা হৈছে৷ দেশৰ বিভিন্ন ক্ষেত্রত বিশেষকৈ শিল্প, সামাজিক কাম, ৰাজহুৱা পৰিক্রমা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, অসামৰিক সেৱা আদিত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে প্রতিবছৰে গণৰাজ্য দিৱসৰ প্রাকসন্ধিয়া পদ্ম বঁটাসমূহ ঘোষণা কৰা হয়৷ ২০২১ বর্ষৰ পদ্ম বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ তৰুণ গগৈলৈ পদ্মভূষণ মৰণোত্তৰভাৱে প্রদান কৰা হৈছে৷ ৰাজহুৱা পৰিক্রমা শিতানত তিনিবাৰৰ অসমৰ মুখ্যমন্ত্রী হোৱা অলপতে পৰলোকপ্রাপ্তি ঘটা প্রবীণ কংগ্রেছী নেতা তৰুণ গগৈক পদ্মভূষণ বঁটা আগবঢ়োৱাৰ বিপৰীতে আঠজনলৈ আগবঢ়োৱা হৈছে পদ্মশ্রী বঁটা৷ সামাজিক কামৰ বাবে লখিমী বৰুৱা, শিল্পত গোপীৰাম বৰগায়ন বুঢ়াভকত, শিল্পত দুলাল মানকি, ৰাজহুৱা পৰিক্রমাৰ বাবে বিজয়া চক্রৱর্তী, সাহিত্য আৰু শিক্ষাৰ বাবে মংগল সিং হাজোৱাৰী, সামাজিক কামৰ বাবে বিৰুবালা ৰাভা, সাহিত্য আৰু শিক্ষা–সাংবাদিকতাৰ বাবে ৰোমান শর্মা আৰু সাহিত্য আৰু শিক্ষাৰ বাবে ইমৰান শ্বাহলৈ পদ্মশ্রী বঁটা আগবঢ়োৱা হৈছে৷ মুঠ ৮গৰাকী অসম সন্তানলৈ আগবঢ়োৱা হৈছে পদ্মশ্রী বঁটা৷ অসমৰ পদ্ম সন্মান প্রাপকসকলক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

ইফালে সোমবাৰে প্রতিৰক্ষা মন্ত্রণালয়ে ঘোষণা কৰা সেনাৰ বিশিষ্ট ৰাষ্ট্রপতি পদকপ্রাপ্ত বিষয়াৰ মাজত আছে অসম সন্তান ৰাণাপ্রতাপ কলিতা৷ ৩ ক’ৰৰ জি’চি হিচাপে কর্মৰত লেফেটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতালৈ আগবঢ়োৱা হৈছে উত্তম যুদ্ধ সেৱা মেডেল৷ উল্লেখ্য যে কুমায়ুন ৰেজিমেণ্টৰ লেফেটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাই অশান্তজর্জৰ জম্মু আৰু কাশ্মীৰত দীর্ঘদিন ধৰি কার্যনির্বাহ কৰিছিল৷

উল্লেখ্য যে  ঘোষিত পদ্মবিভূষণ বঁটা লাভ কৰা সাতজন হৈছে– ৰাজহুৱা পৰিক্রমাত জাপানৰ প্রাক্তন প্রধানমন্ত্রী শ্বিনজ’ আবে, শিল্পত মৰণোত্তৰভাৱে এছ পি বালসুব্রমণিয়ম, চিকিৎসাত ডাঃ বেল্লে ম’নাপ্পা হেগড়ে, বিজ্ঞান আৰু অভিযান্ত্রিকত মৰণোত্তৰভাৱে নৰিন্দৰ সিং কাপানী, আধ্যাত্মিকতাত মৌলানা ৱাহিদুদ্দিন খান, পুৰাতত্ত্বত বি বি লাল আৰু শিল্পত সুদর্শন চাহু৷ এনেদৰে পদ্মভূষণ বঁটা লাভ কৰিছে ১০জনে৷ মৰণোত্তৰভাৱে ৰাজহুৱা পৰিক্রমাত তৰুণ গগৈ, শিল্পত কৃষ্ণন নায়াৰ শান্তাকুমাৰী চিত্রা, সাহিত্য আৰু শিক্ষাত চন্দ্রশেখৰ কাম্বাৰা, ৰাজহুৱা পৰিক্রমাত সুমিত্রা মহাজন, অসামৰিক সেৱাত নৃপেন্দ্র মিশ্র, ৰাজহুৱা পৰিক্রমাত মৰণোত্তৰভাৱে ৰামবিলাস পাছোৱান, মৰণোত্তৰভাৱে কেশুভাই পেটেল, আধ্যাত্মিকতাত মৰণোত্তৰভাৱে কালবে ছাদীক, বাণিজ্য আৰু উদ্যোগত ৰজনীকান্ত দেৱীদাস শ্রুফ আৰু ৰাজহুৱা পৰিক্রমাত টার্লোচান সিং৷ আনহাতে, পদ্মশ্রী বঁটা আগবঢ়োৱা হৈছে ১০২গৰাকীলৈ৷ পদ্মশ্রী বঁটা লাভ কৰাসকলৰ ভিতৰত আঠজন বিভিন্ন ক্ষেত্রৰ ব্যক্তি আছে৷ মন কৰিবলগীয়া যে পদ্ম বঁটা লাভ কৰাসকলৰ ২৯গৰাকী মহিলা, ১০গৰাকী বিদেশী–প্রবাসী ভাৰতীয় আৰু ১৬গৰাকীক মৰণোত্তৰভাৱে প্রদান কৰাৰ লগতে এজন তৃতীয় লিংগৰ ব্যক্তি আছে৷

You might also like