নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিটচ নির্মাতাক ৩৫ হাজাৰ টকাৰ পুৰস্কাৰ কিয় দিলে দ্রাবিড়ে ?

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত কানপুৰত অনুষ্ঠিত প্রথম টেষ্টৰ ৰোমাঞ্চকৰ সামৰণিক লৈ সন্তুষ্টি প্রকাশ কৰিছে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ ভাৰতীয় মূলৰ দুই কিৱি খেলুৱৈ ৰাচীন ৰবীন্দ্র আৰু আজাজ পেটেলৰ যুঁজাৰু ইনিংছৰ সহায়ত নিউজিলেণ্ডে ভাৰতৰ পৰা জয় কাঢ়ি নিলেও মেচখনৰ ৰোমাঞ্চকৰ সামৰণিয়ে দ্রাবিড়ক সন্তুষ্টি দিছে৷ সেয়ে তেওঁ কানপুৰ টেষ্টৰ পিট্চ নির্মাতাক ৩৫ হাজাৰ টকাৰে পুৰস্কৃত কৰে৷

উত্তৰ প্রদেশ ক্রিকেট সন্থাই  মেচৰ অন্তত এই কথা ঘোষণা কৰে৷ স্প’র্টিং উইকেট তৈয়াৰ কৰাৰ বাবে পিট্চ নির্মাতাক দ্রাবিড়ে এইদৰে পুৰস্কৃত কৰে বুলি সন্থাই জানিবলৈ দিছে৷ মন কৰিবলগীয়া যে ভাৰতৰ মাটিত বিগত সময়ছোৱাত অনুষ্ঠিত অধিকাংশ মেচেই তিনি অথবা চাৰি দিনতে সমাপ্ত হোৱাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছিল৷ কিন্তু কানপুৰ টেষ্ট অন্তিম দিনাৰ অন্তিম বলটোলৈকে বর্তি থাকে আৰু টেষ্ট ক্রিকেটৰ বাবে এয়া ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে৷

You might also like