নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী বৰহোলা সাংবাদিক সন্থাৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ: ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক তথা প্ৰতিশ্ৰুতিসম্পন্ন ছাত্র নেতা অনিমেষ ভূঞা কালি যোৰহাট চহৰৰ মাজমজিয়াত এদল নৰপিশাচৰ চৰম জিঘাংসাৰ বলি হৈ মৃত্যু হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বৰহোলা সাংবাদিক সন্থাই। এক প্ৰেছ বাৰ্তাত বৰহোলা সাংবাদিক সন্থাৰ সভাপতি মণ্টুচ্ কোঁৱৰ আৰু সাধাৰণ সম্পাদক অজয় শইকীয়াই কয় যে শৈক্ষিক-সাংস্কৃতিক নগৰী যোৰহাটৰ দৰে এখন চহৰত দিন দুপৰতে এজন নিৰীহ, প্ৰতিশ্ৰুতিসম্পন্ন যুৱকক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাক গৰিহণা, প্ৰতিবাদ জনোৱাৰ ভাষা নাই। চৰহখনত বৰ্তমান আৰক্ষী প্ৰশাসনৰ ভূমিকা কি ? একাংশ মানুহৰূপী দানৱৰ উৎপাতত নিৰাপত্তাহীনতাত ভুগিছে যোৰহাটৰ সৰ্বসাধাৰণ জনতা। এইসকল দানৱৰ অতি নিন্দনীয় কাৰ্যত আজি লজ্জিত সমগ্ৰ যোৰহাটবাসী।

আৰক্ষীয়ে অনিমেষ ভূঞাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি অথবা চৰকাৰে পৰিয়ালক কিছু টকা প্ৰদান কৰি দায়িত্ব সামৰিলেই নহ’ব। ঘটনাৰ লগত জড়িত কোনো এটা অপৰাধী যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। অনিমেষ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মণ্টুচ্ কোঁৱৰ আৰু অজয় শইকীয়াই কয় যে চৰকাৰৰ গৃহ বিভাগৰ দুৰ্বলতা আৰু আৰক্ষী প্ৰশাসনৰ ফোঁপোলা স্বৰূপটো বৰ্তমান যোৰহাটত স্পষ্ট হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত অনিমেষ ভূঞাক আজি আমি হেৰুৱাব লগা হ’ল। অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা যোৰহাট চহৰৰ বিশেষ স্থানসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে তৎকালে কঠোৰ পদক্ষেপ গ্ৰহণৰো আহ্বান জনাই বৰহোলা সাংবাদিক সন্থাই।

প্ৰেৰকঃ অজয় শইকীয়া, নগাবাট

You might also like