নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম টি-২০ ত জয় ভাৰতৰ

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ নিউজিলেণ্ডৰ অকলেণ্ডত অনুষ্ঠিত হোৱা প্ৰথম খন টি-২০ মেচত ভাৰতে জয় লাভ কৰিছে। ভাৰতে টছত জয়ী হৈ নিউজিলেণ্ডক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল।

নিউজিলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত  ৫ উইকেট হেৰুৱাই ২০৩ ৰাণ সংগ্ৰহ কৰিছিল। নিউজিলেণ্ডৰ হৈ কলিন মুনৰৌই সৰ্বাধিক ৫৯ ৰাণ কৰে। ভাৰতে দ্বিতীয় ইংনিছত বেটিং আৰম্ভ কৰি কে এল ৰাহুলৰ ৫৬ ৰাণ  আৰু শ্ৰেয়াছ আয়াৰৰ ৫৮ ৰাণৰ সহায়ত ৬ উইকেট বিনিময়ত মেচখনত জয়লাভ কৰে।

উল্লেখ্য যে  ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্রিকেটৰ পিছত দুয়োটা দলে প্রথমবাৰৰ বাবে মুখামুখি হৈছিল৷

You might also like