ফাইনেলত অ’ছাকাৰ প্রতিদ্বন্দ্বী আজাৰেংকা
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ ক’ৰোনাৰ আতংকৰ মাজতে নিউয়র্কত চলি থকা ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ জয়ৰ স্বপ্ণ ধূলিসাৎ হ’ল প্রাক্তন চেম্পিয়ন আমেৰিকাৰ প্রবীণ টেনিছ তাৰকা ছেৰেনা উইলিয়ামছৰ৷ সন্মানীয় গ্রেণ্ডশ্লামখনৰ প্রথম ৰাউণ্ডৰ পৰাই সংগ্রাম কৰিবলগীয়া হোৱা ছেৰেনাই ছেমিফাইনেলৰ পৰা বিদায় মাগিছে৷ এতিয়ালৈকে ২৩টাকৈ গ্রেণ্ডশ্লামৰ খিতাপ দখল কৰা তৃতীয় বাছনিপ্রাপ্ত ছেৰেনাই আর্থুৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত মহিলা শাখাৰ ছিংগলছৰ ছেমিফাইনেল মেচখনত প্রাক্তন শীর্ষ বাছনিৰ বেলাৰুছৰ ভিক্টোৰিয়া আজাৰেংকাৰ হাতত তিনিটা ছেটৰ ব্যৱধানত পৰাস্ত হয়৷ এঘণ্টা ৫৫ মিনিটৰ মেচখনত আজাৰেংকাই ছেৰেনাক ১–৬, ৬–৩, ৬–৩ ছেটত পৰাস্ত কৰে৷ মেচখনৰ প্রথমটো ছেট দখল কৰি ছেৰেনাই প্রত্যয়জনক আৰম্ভণি কৰিছিল যদিও পৰৱর্তী সময়ত আমেৰিকাৰ খেলুৱৈগৰাকীয়ে নিজৰ ছন্দ ধৰি ৰখাত ব্যর্থ হয়৷ সুন্দৰ খেল দাঙি ধৰি আজাৰেংকাই পৰৱর্তী দুয়োটা ছেট নিজৰ দখলতে ৰাখিবলৈ সক্ষম হয় আৰু মেচখনত জয়ৰ সোৱাদ লাভ কৰি ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে৷ ৩১ বছৰীয়া আজাৰেংকাই দেওবাৰে হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত চতুর্থ বাছনিপ্রাপ্ত জাপানৰ নাওমি অ’ছাকাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ আর্থুৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত আনখন ছেমিফাইনেল মেচত দুবাৰৰ গ্রেণ্ডশ্লাম বিজয়ী অ’ছাকাই আমেৰিকাৰ জেনিফাৰ ব্রেডিক কিছু সংগ্রামৰ মূৰত পৰাস্ত কৰে৷ কেৰিয়াৰৰ দ্বিতীয়বাৰৰ বাবে ইউ এছ অ’পেনৰ ফাইনেলত প্রৱেশ কৰা অ’ছাকাই জেনিফাৰক ৭–৬ (১), ৩–৬, ৬–৩ ছেটত পৰাস্ত কৰে৷ মেচখনৰ প্রথমটো ছেট দখল কৰিবলৈ অ’ছাকাই সংগ্রাম কৰিবলগীয়া হয়৷ দ্বিতীয়টো ছেট ব্রেডিয়ে দখল কৰাত মেচখন অধিক ৰোমাঞ্চকৰ লগতে উত্তেজনাময়ো হৈ পৰে৷ কিন্তু তৃতীয় তথা নির্ণায়ক ছেটটো অ’ছাকাই সহজে নিজৰ আয়ত্তত ৰাখি মেচখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷