নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট কোহলিক প্রশংসাৰে ওপচালে ষ্টিভেন স্মিথে

নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ বেটছমেন ষ্টিভেন স্মিথৰ মুখত বিৰাট বন্দনা৷ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক সাম্প্রতিক সময়ৰ এদিনীয়া ক্রিকেটৰ শ্রেষ্ঠ বেটছমেন হিচাপে অভিহিত কৰিলে ষ্টিভেন স্মিথে৷ বর্তমান সময়ত এদিনীয়া ক্রিকেটত কোন শ্রেষ্ঠ বেটছমেন বুলি ইনষ্টাগ্রামত অনুৰাগীয়ে সোধা প্রশ্ণোত্তৰত অষ্ট্রেলিয়াৰ তাৰকা বেটছমেনজনে কয় যে টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিয়েই হ’ল বর্তমান সময়ৰ এদিনীয়া ক্রিকেটৰ শ্রেষ্ঠ বেটছমেন৷ কোহলিয়ে শেহতীয়াভাৱে এদিনীয়া ক্রিকেটত যথেষ্ট উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ ক্রিকেটাৰগৰাকীয়ে বিগত বর্ষত টেষ্ট, এদিনীয়া আৰু টি–২০কে ধৰি মুঠ ২৮খন মেচ খেলিছে আৰু ৫২.৬২ গড় ৰানেৰে ১২৬৩ ৰান কৰিবলৈ সক্ষম হৈছে৷ কোহলিয়ে এদিনীয়া ক্রিকেটত মোতকৈ বহু বেছি শতক অর্জন কৰিবলৈ সক্ষম হৈছে৷ টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে এতিয়ালৈকে ৪৩টা শতক অর্জন কৰাৰ বিপৰীতে মই মাত্র ৯টাহে শতক কৰিবলৈ সক্ষম হৈছোঁ৷ গতিকে নিঃসন্দেহে কোহলিয়ে হ’ল বর্তমান সময়ৰ এদিনীয়াৰ শ্রেষ্ঠ বেটছমেন৷ ইফালে, লোকেশ ৰাহুলকো প্রশংসা কৰি স্মিথে কয় যে ভৱিষ্যতে টীম ইণ্ডিয়াৰ এগৰাকী নির্ভৰযোগ্য খেলুৱৈ হ’ব ৰাহুল৷

You might also like