বাতিল হ’ব আই পি এল কাইলৈ সিদ্ধান্ত
দেশত ক’ৰোনা ভাইৰাছৰ আতংক, সংকটত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে জাৰি কৰা কেতবোৰ নতুন নীতি–নির্দেশনাৰ ফলত আগন্তুক আই পি এল সময়মতে অনুষ্ঠিত হোৱাৰ ক্ষেত্রত গভীৰ অনিশ্চয়তা আহি পৰিছে৷ বিশেষকৈ ক্রীড়া মন্ত্রালয়ে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সকলো ক্রীড়া ইভেণ্ট বন্ধ ষ্টেডিয়ামৰ ভিতৰত আয়োজন কৰিবলৈ নির্দেশ দিয়াৰ পিছত আই পি এলক লৈ সৃষ্টি হোৱা অনিশ্চয়তা দুগুণে বৃদ্ধি পাইছে৷ একেদৰে বৈদেশিক মন্ত্রালয়ে অহা ১৫ এপ্রিলপর্যন্ত বিদেশী নাগৰিকৰ ভিছা বাতিল কৰাৰ পিছত আই পি এলত খেলিবলৈ সাজু হৈ থকা প্রায় ৬০গৰাকী বিদেশী ক্রিকেট তাৰকাৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ ব’ডৰ এক সূত্রই প্রকাশ কৰে যে আই পি এলত অংশ ল’বলগীয়া বিদেশী খেলুৱৈসকলৰ ভিছা বিজনেছ কেটেগ’ৰীৰ অন্তর্ভুক্ত৷ গতিকে চৰকাৰৰ নতুন নির্দেশাৱলী অনুসৰি তেওঁলোকে অহা ১৫ এপ্রিল পর্যন্ত ভাৰত ভ্রমণ কৰিব নোৱাৰিব৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে বুধবাৰে কূটনৈতিক আৰু নিয়োগ ভিছাৰ বাহিৰে আন সকলো বিদেশী ভিছা বাতিলৰ নির্দেশ জাৰি কৰিছে৷ ইফালে, আই পি এলক লৈ সৃষ্টি হোৱা এই অনিশ্চয়তা দূৰ কৰিবলৈ অহা শনিবাৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে মুম্বাইত এখন গুৰুত্বপূর্ণ বৈঠকৰ আহ্বান কৰিছে৷ এই বৈঠকত আই পি এলৰ গৱর্নিং কাউন্সিলৰ সকলো শীর্ষ বিষয়ববীয়া আৰু ব’ডৰ সচিব জয় শ্বাহ উপস্থিত থাকিব৷ বৈঠকত আই পি এল অনুষ্ঠিত হোৱাৰ বিষয়টো বিস্তৃতভাৱে আলোচনা কৰা হ’ব৷ মন কৰিবলগীয়া যে মহাৰাষ্ট্র আৰু কর্ণাটক চৰকাৰে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ তেওঁলোকৰ চহৰত আই পি এলৰ মেচ আয়োজন নকৰে বুলি স্পষ্ট কৰি দিয়াৰ বাবেও বিপদৰ সন্মুখীন হৈছে বি চি চি আই৷ এই বিষয়টোৱেও শনিবাৰৰ বৈঠকত স্থান পাব৷