নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রাইষ্টচার্চত আজি অন্তিম এদিনীয়া

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: চলিত ভাৰত–নিউজিলেণ্ড শৃংখলাত প্রতিকূল বতৰে অতি বেয়া প্রভাৱ পেলাইছে৷ দ্বিতীয়খন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পিছত আজি অনুষ্ঠিত হ’ব লগা এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত বৰষুণে বিধি–পথালি নিদিব বুলি আশা কৰিছে দুয়োটা দলে৷ অ’কলেণ্ডত অনুষ্ঠিত প্রথমখন এদিনীয়াত ৭ উইকেটত জয়লাভ কৰি শৃংখলাত ১–০ ব্যৱধানত অগ্রগতি লাভ কৰিছে নিউজিলেণ্ডে৷ কিন্তু হেমিল্টনৰ দ্বিতীয়খন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়৷ ইয়াৰ পূর্বে অনুষ্ঠিত টি–২০ শৃংখলাত ভাৰতে বিজয় সাব্যস্ত কৰিলেও চলিত এদিনীয়া শৃংখলাত ভাৰতৰ বিজয়ৰ আশা নির্বাপিত হৈছে৷ আজিৰ মেচখনত জয়লাভ কৰিব পাৰিলে টীম ইণ্ডিয়াই ১–১ ব্যৱধানত সমতা স্থাপন কৰিব পাৰিব৷ ইয়াৰ বিপৰীতে আজিৰ মেচখনত জয়লাভ কৰিব পাৰিলেই ঘৰুৱা দলটোৱে এদিনীয়া শৃংখলা দখল কৰিবলৈ সক্ষম হ’ব৷ সেইবাবে আজি বৰষুণ নোহোৱাটোকেই আশা কৰিছে দুয়োটা দলে৷

উল্লেখ্য যে আজি খেলিবলগীয়া হেগলে অ’ভেলৰ উইকেট চিম বলাৰৰ সহায়ক৷ সেইবাবে এইখন গ্রাউণ্ডত বিগত সময়ছোৱাত প্রথমে বেটিং কৰা দলটোৱে গড়ে ২৩০ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ প্রথমখন মেচত ৩০৬ ৰান সংগ্রহ কৰি পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় বেটাৰসকলে আজি পেচ আক্রমণৰ বিৰুদ্ধে স্বচ্ছন্দে খেলিব পাৰিলেহে বিজয়ৰ পথ মুকলি হ’ব৷

খেলৰ সময়_ পুৱা ৭ বজা৷

You might also like