নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ক্রীড়াক্ষেত্র স্তব্ধ হৈ থকাৰ সময়তে চীনত নির্মাণ আৰম্ভ বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়াম

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে সমগ্র বিশ্বৰ ক্রীড়াক্ষেত্র স্তব্ধ হৈ থকাৰ সময়তে চীনে গুৱাংজো চহৰত বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়ামৰ নির্মাণ কার্য আৰম্ভ কৰিছে৷ প্রায় এক লাখ দর্শকে একেলগে বহি খেল উপভোগ কৰিব পৰা অত্যাধুনিক ষ্টেডিয়ামখনৰ নির্মাণ কার্য যোৱা ১৬ এপ্রিলৰ পৰা আৰম্ভ হোৱা বুলি ষ্টেডিয়ামখনৰ নির্মাণ কোম্পানী এভাৰগ্রেণ্ডি গ্রুপে  সদৰী কৰে৷

উল্লেখ্য যে পদুম ফুলৰ আকৃতিৰে নির্মাণ হ’বলগীয়া ষ্টেডিয়ামখন সম্পূর্ণ হৈ উঠিবলৈ প্রায় দুই বিলিয়ন ডলাৰ ব্যয় হ’ব৷

চাংহাইৰ এগৰাকী প্রখ্যাত ডিজাইনাৰৰ আর্হি অনুসৰি চীনৰ পৰম্পৰাগত ফুল পদুমৰ আকৃতিৰে ষ্টেডিয়ামখনক অহা দুবছৰৰ ভিতৰত সম্পূর্ণ কৰি তোলা হ’ব৷ ২০২২ৰ আৰম্ভণিতে দর্শকৰ বাবে মুকলি হ’বলগীয়া ষ্টেডিয়ামখনে বার্চিলোনাৰ কেম্প ন’ ষ্টেডিয়ামক চেৰ পেলাই বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়াম হিচাপে পৰিগণিত হ’ব৷

বিশ্ব ফুটবলৰ জগতত চীনে আধিপত্য বিস্তাৰৰ বাবে গ্রহণ কৰা দীর্ঘকালীন পৰিকল্পনাৰ ই এক অন্যতম অংশ বুলি চর্চিত হৈছে৷ মন কৰিবলগীয়া যে চাইনীজ ছুপাৰ লীগৰ অন্যতম শক্তিশালী দল গুৱাংজো এভাৰগ্রেণ্ডিৰ এইখন হ’ব ঘৰুৱা গ্রাউণ্ড৷ নির্মাণ কোম্পানীটোৱে আজি পুনৰ প্রকাশ কৰে যে চীনে অনাগত দুবছৰৰ ভিতৰত এই ধৰণৰ আৰু দুখন অত্যাধুনিক ষ্টেডিয়াম নির্মাণৰ পৰিকল্পনা যুগুত কৰিছে৷

এই দুয়োখন ষ্টেডিয়ামৰে আসনৰ সংখ্যা হ’ব প্রায় ৮০ হাজাৰ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছে চীনৰ কেইবাখনো প্রদেশত এতিয়াও আতংক বিৰাজ কৰি থকাৰ সময়তে দেশখনে গুৱাংজো চহৰত বিশ্বৰ সর্ববৃহৎ ফুটবল ষ্টেডিয়াম নির্মাণৰ কাম আৰম্ভ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

You might also like