নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত উপস্থিত বেন ষ্ট’কছ–আর্চাৰ–বার্নছ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া আগন্তুক চাৰিখনীয়া টেষ্ট শৃংখলাটোত অংশগ্রহণ কৰাৰ উদ্দেশ্যে দেওবাৰে নিশা ভাৰতত উপস্থিত হৈছে ইংলেণ্ড দলটোৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ লগতে জ’ফ্রা আর্চাৰ আৰু ৰ’ৰি বার্নছ৷ ইপিনে, শ্রীলংকাৰ বিপক্ষে সামৰণি পৰা টেষ্ট শৃংখলাটোত অংশগ্রহণ কৰা দলটোৰ বাকী সদস্যসকল বুধবাৰে চেন্নাইত উপস্থিত হ’ব৷

যোৱানিশা ভাৰতত উপস্থিত হোৱা ষ্ট’কছ, আর্চাৰ আৰু বার্নছে পোনে পোনে হোটেললৈ ৰাওনা হয় আৰু তেওঁলোকে ছদিনৰ বাবে কোৱাৰেণ্টাইন হ’ব৷ অৱশ্যে এই তিনিগৰাকী খেলুৱৈয়ে ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া প্রথমখন টেষ্টৰ প্রস্তুতিৰ বাবে পাঁচ দিনৰ সময় লাভ কৰিব৷

ইফালে, বুধবাৰে ভাৰতত উপস্থিত হ’বলগীয়া ইংলেণ্ড দলটোৰ বাকী সদস্যসকলে প্রথমখন টেষ্টৰ অনুশীলনৰ বাবে মাত্র তিনি দিনৰহে সময় লাভ কৰিব৷ কিয়নো, দলটোৱে বুধবাৰে ভাৰতত উপস্থিত হৈয়েই ছদিনৰ কোৱাৰেণ্টাইন হ’ব লাগিব৷

You might also like