নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ পৰা টি–২০ বিশ্বকাপ স্থানান্তৰৰ দাবী পাকিস্তানৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ভাৰতত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপ ভাৰতৰ পৰা স্থানান্তৰৰ দাবী উত্থাপন কৰিছে পাকিস্তানে৷ ভাৰত চৰকাৰে প্রতিযোগিতাখনৰ বাবে পাকিস্তানৰ খেলুৱৈ, বিষয়ববীয়া, অনুৰাগী আৰু সাংবাদিকক ভিছা আগবঢ়োৱাৰ লিখিত প্রতিশ্রুতি নিদিলে পাকিস্তানে টি–২০ বিশ্বকাপ ভাৰতৰ পৰিৱর্তে ইউ এ ইত অনুষ্ঠিত কৰাৰ দাবী তুলিছে৷

পি চি বিৰ মুৰব্বী এহছান মানীয়ে   কয় যে টি–২০ বিশ্বকাপৰ বাবে ভাৰত চৰকাৰৰ পৰা ভিছা বিচাৰি তেওঁলোকে ইতিমধ্যে আই চি চিক পত্র প্রেৰণ কৰিছে৷ ‘ভাৰতে চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত টি–২০ বিশ্বকাপ আয়োজন কৰিবলৈ সাজু হৈছে৷ আমি আই চি চিক এই কথা জনাই দিছোঁ যে আমি ভাৰতৰ পৰা আগতীয়াকৈ ভিছাৰ নিশ্চয়তা পাব লাগিব৷ বিষয়টো আমি ইতিমধ্যে আই চি চিৰ বৈঠকত উত্থাপন কৰিছোঁ আৰু আই চি চিয়ে মার্চৰ ভিতৰত আমাক ভিছাৰ নিশ্চয়তা দিয়াৰ কথা উল্লেখ কৰিছে৷ মার্চৰ ভিতৰত যদি আমি ভাৰত চৰকাৰৰ পৰা ভিছাৰ লিখিত প্রতিশ্রুতি লাভ নকৰোঁ, তেন্তে প্রতিযোগিতাখন ভাৰতৰ পৰা ইউ এ ইলৈ স্থানান্তৰিত কৰা উচিত৷’ –পিচিবিৰ মুৰব্বী এহছান মানীয়ে   এইদৰে কয়৷

উল্লেখ্য যে পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে মুম্বাইত ভয়ংকৰ আক্রমণ সংঘটিত কৰাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক ক্রিকেট মেচ অনুষ্ঠিত হোৱা নাই আৰু তেতিয়াৰে পৰা দেশ দুখনৰ ক্রিকেট ব’ডৰ মাজত তিক্ততাপূর্ণ সম্পর্ক অব্যাহত আছে৷ বিশ্বকাপ অথবা চেম্পিয়নছ ট্রফীৰ দৰে আই চি চিৰ আগশাৰীৰ ক্রিকেট প্রতিযোগিতাসমূহতহ্ দুয়োটা দল পৰস্পৰৰ মুখামুখি হৈ আহিছে৷ এনে পৰিস্থিতিত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে পাকিস্তানৰ খেলুৱৈ তথা বিষয়ববীয়াসকলক ভিছা দিয়া নিদিয়াৰ বিষয়টো গুৰুত্বপূর্ণ বিবেচিত হৈছে৷

ইফালে, পাকিস্তান ক্রিকেট ব’ডৰ মুৰব্বী এহছান মানীয়ে আজি কয় যে ভাৰতে আই চি চি টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰিলে এছিয়া কাপ ক্রিকেট প্রতিযোগিতা স্থগিত হ’ব৷ জুন মাহত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সূচী পূর্ব নির্ধাৰিত হৈ থকাৰ পৰিপ্রেক্ষিতত একেটা মাহতে এছিয়া কাপ অনুষ্ঠিত হোৱাটো সম্ভৱ নহয় বুলি তেওঁ উল্লেখ কৰে৷ এইবাৰ প্রতিযোগিতাখন স্থগিত হ’লে পাকিস্তানে ২০২৩ত এছিয়া কাপ আয়োজনৰ ইচ্ছা প্রকাশ কৰিছে৷

You might also like