নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মৃদুলা বৰুৱা–মৃদুল ভূঞা–সূর্য দাসক জীৱনজোৰা সাধনা বঁটা প্রদান

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সুদীর্ঘ দিনৰ অৱদানেৰে অসমৰ সংস্কৃতিৰ পথাৰখনক সমৃদ্ধ কৰি অহা ৰাজ্যৰ তিনিগৰাকীকৈ বৰেণ্য শিল্পীলৈ নগাঁৱত আগবঢ়োৱা হ’ল জীৱনজোৰা সাধনা বঁটা৷ গণশিল্পী সূর্য দাস, অসমৰ চলচ্চিত্র জগতৰ জনপ্রিয় অভিনেত্রী মৃদুলা বৰুৱা আৰু ভ্রাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞাক দেওবাৰে নগাঁৱৰ খগেন মহন্ত প্রেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রদান কৰা হয় এই জীৱনজোৰা সাধনা বঁটা৷

অসম শিল্পী কানন আৰু শিল্পীপ্রাণ ৰাইজৰ সহযোগত অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই তিনিগৰাকীকৈ শিল্পীক ক্রমে প্রয়াত বিজু ফুকন, ৰত্ন ওজা, আব্দুল মজিদ, ৰতন লহকৰ আৰু গুণ মহন্তৰ সোঁৱৰণত জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হয়৷ উল্লেখ্য যে খগেন মহন্ত প্রেক্ষাগৃহত ২৬ ফেব্রুৱাৰীৰ পৰা অনুষ্ঠিত হৈ আছে সদৌ অসম একাংক নাট প্রতিযোগিতা আৰু সেই অনুষ্ঠানতে তিনিওগৰাকী শিল্পীক আগবঢ়োৱা হয় এই সন্মান৷ বঁটা গ্রহণ কৰি অভিনেত্রী মৃদুলা বৰুৱাই কয়– সন্মান বা বঁটাই কেতিয়াবা আৱেগিক কৰি তোলে৷ অতীতক মনত পেলাই দিয়ে৷ আমাৰ দৰে শিল্পীসকলৰ অৱসৰ বুলি কোনো কথা নাই৷ শৰীৰত শক্তি থকালৈকে অসমৰ সাংস্কৃতিক জগতখনৰ বাবে কাম কৰি যাব বিচাৰোঁ৷ তেওঁ আৰু কয়– অসমৰ বোলছবি জগতখনৰ বজাৰখন তেনেই সীমিত৷ শিল্পীসকলৰো পা–পইচা বহুত কম৷ সেয়ে ৰাইজৰ মৰম পালে জীয়াই থকাৰ প্রেৰণা পাওঁ৷ অভিনয় জগতখনক মই শ্রদ্ধা কৰোঁ, এই অভিনয় জগতখনেই মোক ৰাইজৰ লগত পৰিচয় কৰাই দিলে৷ ইয়াৰ পূর্বে তিনিওগৰাকী শিল্পীক নগাঁৱৰ হয়বৰগাঁৱৰ পৰা সাংস্কৃতিক শোভাযাত্রাৰে প্রেক্ষাগৃহলৈ আদৰি আনে উদ্যোক্তাসকলে৷বঁটাপ্রাপকসকলে এই বঁটা লাভ কৰি নিজকে ধন্য মনা বুলি মন্তব্য কৰে৷

আন দুগৰাকী বঁটাপ্রাপক গণশিল্পী সূর্য দাস আৰু বলিষ্ঠ অভিনেতা মৃদুল ভূঞায়ো মহান শিল্পীৰ স্মৃতিত দিয়া বঁটা লাভ কৰি নিজকে ধন্য মনা বুলি কয়৷ অনুষ্ঠানত এখন স্মৰণিকা উন্মোচন কৰে ড০ বুধেন কুমাৰ শইকীয়াই৷ অনুষ্ঠানত শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰা, সাংবাদিক ৰাজেন বৰকাকতি, কুশল হাজৰিকা আদি উপস্থিত থাকে৷

You might also like