নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৬ চহৰত অনুষ্ঠিত হ’ব আইপিএল

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ  মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ আই পি এল দেশৰ ভিন্ন প্রান্তত অনুষ্ঠিত হোৱাৰ পৰিৱর্তে মাত্র ৬খন চহৰত অনুষ্ঠিত হ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই আজি প্রকাশ কৰা অনুসৰি ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ বাবে মুম্বাই, বাংগালুৰু, চেন্নাই, কলকাতা, আহমেদাবাদ আৰু দিল্লীক বাছনি কৰা হৈছে৷

সমগ্র মহাৰাষ্ট্রত শেহতীয়াকৈ হঠাতে বৃদ্ধি পোৱা ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি মুম্বাই আৰু পুনেত মেচ আয়োজনৰ চিন্তা ব’র্ডে পৰিহাৰ কৰিছিল যদিও শেষ মুহূর্তত আই পি এলৰ অন্যতম ভেন্যু হিচাপে মুম্বাইক ৰখা হয়৷ মহাৰাষ্ট্র চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত ব’র্ডে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত দর্শক অবিহনে আই পি এলৰ মেচ আয়োজনৰ সিদ্ধান্তত উপনীত হয়৷ বাকীকেইখন চহৰত ৫০ শতাংশ দর্শকেৰে মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি ব’ডৰ সূত্রটোৱে জানিবলৈ দিয়ে৷ অৱশ্যে বি চি চি আয়ে ভেন্যুৰ কথা এইপর্যন্ত ফ্রেঞ্চাইজীসমূহক আনুষ্ঠানিকভাৱে জানিবলৈ দিয়া নাই৷

উল্লেখ্য যে মহামাৰীৰ ভয়াৱহ সংক্রমণৰ বাবে বিগত বর্ষৰ আই পি এল ভাৰতৰ পৰা ইউ এ ইলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল৷ এইপর্যন্ত বি চি চি আয়ে প্রতিযোগিতাখনৰ তাৰিখ ঘোষণা কৰা নাই যদিও ১১ এপ্রিলৰ পৰা চলিত বর্ষৰ আই পি এল আৰম্ভ হ’ব বুলি চর্চা চলিছে৷

You might also like