নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ত  মিঃ এছিয়া পেচিফিক ভাস্কৰৰ মনৰ কথা

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  শৰীৰ চৰ্চা বৰ্তমান সময়ত বহুতৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰা এক বিষয়। বহু যুৱক-যুৱতীয়ে বৰ্তমান সময়ত জিমত গৈ শৰীৰ চৰ্চা কৰা দেখা যায়। কাৰণ আকৰ্ষণীয় শৰীৰ সকলোৱে ভাল পায়। ইয়াৰ মাজতে এটা সৰু অঞ্চলৰ পৰা আহি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে এজন শৰীৰ চৰ্চাবিদ। যুৱকজন গোৰেশ্বৰৰ ভাস্কৰ ডেকা। ভাস্কৰে ২০১৮ চনত মিঃ ইণ্ডিয়া ফিটনেছত সোণৰ পদক আৰু ২০১৯ত  মিঃ এছিয়া পেচিফিকত প্ৰথম ৰানাৰ্ছ আপ আছিল।

ভাস্কৰে জানিবলৈ দিছিল কেনেদৰে তেওঁ শৰীৰ চৰ্চাৰ লগত জড়িত হৈছে।  ভাস্কৰৰ সৰুৰে পৰা কোনোধৰণৰ পৰিকল্পনা নাছিল শৰীৰৰ চৰ্চাক লৈ। লগৰবোৰৰ লগত একধৰণৰ ফুৰ্তি হিচাপে জিমলৈ গৈছিল তেওঁ। ২০১২-১৩ চনত মহাবিদ্যালয়ত সৰু জিম এটা আছিল আৰু তাত মাচুল আছিল ২০০ টকা। লগৰবোৰৰ লগত এনেদৰে জিমলৈ গৈ থাকোঁতে এটা সময়ত সেইটো অভ্যাসত পৰিণত হৈছিল ভাস্কৰৰ।

ভাস্কৰে কয় যে কোনোধৰণৰ প্ৰশিক্ষক নোহোৱাকৈ শৰীৰ চৰ্চা আৰম্ভ কৰিছিল প্ৰথমতে। কিন্তু ২০১৫ চনত স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কিশক কলিতা আৰু তাৰ পিছত অচ্যুত কলিতাৰ সান্নিধ্যলৈ আহে। আৰু অচ্যুতৰ পৰা বহুখিনি শিকে ভাস্কৰে।

২০১৬-১৭ চনত গণেশগুৰিৰ বায়’ফিট জিমত যেতিয়া ভাস্কৰে জিমটোৰ ট্ৰেইনাৰ হিচাপে যোগদান কৰে, তেতিয়া জিমৰ স্বত্বাধিকাৰ অমিত জৈনে ভাস্কৰক শৰীৰ চৰ্চাৰ বাবে মুম্বাইলৈ পঠিয়ায়। সেই সন্দৰ্ভত ভাস্কৰে অমিত জৈনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মুম্বাইত ফিটনেছৰ ওপৰত যথেষ্ট জ্ঞান লাভ কৰে। তাত ৬ মাহ ধৰি প্ৰশিক্ষণ লয় । তাত অলপ আৰ্থিক সমস্যৰ সন্মুখীন হৈছিল, সেই সময়ত ভাস্কৰক বন্ধুসকলে বহুত সহায় কৰিছিল। তাৰ পিছত জুন ২০১৮ চনত অসমলৈ উভতি আহে আৰু বায়’ফিটতে প্ৰফেছনেল ট্ৰেইনাৰ হিচাপে যোগদান কৰে।

আনহাতে অসমত শৰীৰৰ চৰ্চাৰ সম্ভাৱনক লৈ ভাস্কৰে  কয় যে অসমত শৰীৰ চৰ্চাৰ বাবে এক সুন্দৰ পৰিৱেশ আছে। কেৱল তাৰ বাবে লাগিব একাগ্ৰতা। ভাস্কৰে নৱপ্ৰজন্মক আহ্বান জনায় যে দৈনিক এঘণ্টাও যদি শৰীৰ চৰ্চা কৰে, তেতিয়া সুফল লাভ কৰাৰ উপৰি বহু বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব। লগতে উঠি অহা চামক মাদক দ্ৰব্য আৰু ধুমপান কৰাৰ পৰাও বিৰত থকাৰ আহ্বান জনায় ভাস্কৰে।

আজি ভাস্কৰে অশেষ কষ্ট কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত জিলিকি উঠিবলৈ সক্ষম হৈছে। ভাস্কৰে আহি থকা দিনবোৰত শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত অসমৰ নাম আৰু জিলিকাবলৈ আপ্ৰাণ চেষ্টা চলাই আছে। ভাস্কৰৰ আশা- আহি থকা দিনবোৰত তেওঁ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত সোণৰ পদক লাভ কৰিব। ভাস্কৰৰ আশা পূৰ্ণ হোৱাৰ কামনা থাকিল।

You might also like