নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন মেচত ২৩জনক ৰঙা কার্ড, ব্রাজিলৰ ফুটবলত লজ্জাজনক ঘটনা

ডিজিটেল ডেস্ক, ১১ মার্চ : এখন মেচত ২৩খন ৰেড কার্ড৷ এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ব্রাজিলৰ ফুটবলত৷ বেল’ হ’ৰিজ’ণ্টেত অনুষ্ঠিত কেম্পিঅ’নাট’ মিনেইৰ’ৰ ফাইনেলত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

দুই চিৰন্তন প্রতিদ্বন্দ্বী এটলেটিকো মিনেইৰ’ আৰু ক্রুজেইৰ’ৰ মাজত অনুষ্ঠিত ফাইনেল মেচখনত দুয়ো দলৰ খেলুৱৈসকলে কাজিয়াত লিপ্ত হয়৷ মেচখনত ক্রুজেইৰ’ দলটোৱে ১-০ গ’লত আগবাঢ়ি আছিল৷ মেচ শেষ হোৱাৰ ঠিক আগতেই উত্তেজনা ইমানেই বৃদ্ধি পাইছিল যে আৰক্ষীয়ে খেলপথাৰত প্রৱেশ কৰিবলৈ বাধ্য হৈছিল৷ মেচখনৰ অন্তিম মুহূর্তত আৰম্ভ হোৱা দুয়ো দলৰ খেলুৱৈসকলৰ সংঘর্ষৰ ফলত ২৩জন ফুটবলাৰক ৰেড কার্ড দেখুওৱা হয়৷ খেলখনৰ দ্বিতীয়ার্ধৰ ইনজুৰী সময়ৰ ষষ্ঠ মিনিটত লজ্জাজনক ঘটনাটো সংঘটিত হয়৷

ক্রুজেইৰ’ৰ মিডফিল্ডাৰ ক্রিষ্টিয়ানে মাৰি পঠিওৱা বলটো মিনেইৰ’ৰ গ’লৰক্ষকে আয়ত্ত কৰাৰ সময়তে দুয়োজন খেলুৱৈৰ মাজত কাজিয়াৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে ৰিজার্ভ বেঞ্চত থকা দুয়োটা দলৰ খেলুৱৈ আৰু সহায়ক–কর্মচাৰীসকলে খেলপথাৰত প্রৱেশ কৰি কাজিয়াত লিপ্ত হয়৷ লগে লগে আৰক্ষীয়ে খেলপথাৰত প্রৱেশ কৰে যদিও পৰিস্থিতি নিয়ন্ত্রণ কৰাত ব্যর্থ হৈছিল৷ অৱশ্যে পৰৱর্তী সময়ত পৰিস্থিতি শান্ত হয়৷ ৰেফাৰী মেথিউজ ডেলগাডোৱে মুঠ ২৩জন খেলুৱৈক ৰেড কার্ড প্রদর্শন কৰে৷ ইয়াৰে ১২জন ক্রুজেইৰ’ৰ আৰু ১১জন মিনেইৰ’ৰ খেলুৱৈ৷

You might also like