নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ মাজতে দুঃখবৰ, পথ দুৰ্ঘটনাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ মৃত্যু…

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ আই পি এলৰ মাজতে ক্ৰিকেট বিশ্বক কন্দুৱাই অকালতে মৃত্যুবৰণ কৰিলে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে। তেওঁ আফগানিস্তানৰ ক্ৰিকেটাৰ নাজিব তাৰাকা।

আফগানস্তানৰ ২৯ বছৰীয়া অ’পেনাৰ বেটছমেন নাজিব যোৱা ২ অক্টোবৰত এক পথ দুৰ্ঘটনাৰ বাবে আহত হৈ চিকিতসাধীন হৈ আছিল হাস্পতালত। জানিব পৰা মতে, নাজিবে ২ অক্টোবৰত আফগানিস্তানৰ পূব নানগৰহাৰৰ এখন দোকানৰ পৰা ৰাস্তা অতিক্ৰম কৰা অৱস্থাত গাড়ীয়ে খুন্দিওৱাত গুৰুতৰভাৱে আহত হৈছিল।

ৰক্তাক্ত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমশঃ বেয়ালৈ গতি কৰে আৰু আজি মৃত্যুবৰণ কৰে। ক্ৰিকেটাৰগৰাকীয়ে আফগানিস্তানৰ হৈ ১২খন টি-২০ আৰু এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

কেৰিয়াৰ জীৱনত ৬টা চেঞ্চুৰী আৰু ১০টা হাফচেঞ্চুৰীৰে দেশৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাজিব তাৰাকাৰ মৃত্যুৱে শোকাকুল কৰিছে ক্ৰিকেট বিশ্বক। আফগানিস্তান ক্ৰিটেট বোৰ্ডৰ লগতে দেশখনৰ ক্ৰিকেটাৰ মহম্মদ নবীয়েও নাজিব তাৰাকাৰ মৃত্যুত শোক প্ৰকাশ কৰে।

You might also like