নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু যুৱকৰ হৃদয় ভাঙি ৩০ অক্টোবৰত বিয়াত বহিব মোহময়ী অভিনেত্ৰী কাজল

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: বিয়াত বহিব অভিনেত্রী কাজল আগৰৱাল। নতুন জীৱন আৰম্ভ কৰাৰ পূৰ্বে আজি ছ’চিয়েল মিডিয়াযোগে অভিনেত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। সিঙ্ঘমখ্যাত অভিনেত্রীগৰাকীয়ে অহা ৩০ অক্টোবৰত বিয়াত বহিব।

৩০ অক্টোবৰত গৌতম কিচলুৰ সৈতে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব দক্ষিণৰ জনপ্রিয় অভিনেত্রীগৰাকীয়ে। জানিব পৰা মতে মুম্বাইত অনুষ্ঠিত হ’ব অভিনেত্ৰীগৰাকীৰ বিয়াৰ সকলো আয়োজন।

অৱশ্যে ক’ৰোনাৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি দুই পৰিয়ালৰ ঘনিষ্ঠসকলক লৈয়ে অনুষ্টুপীয়াকৈ বিবাহৰ আয়োজনৰ কথা প্ৰকাশ কৰিছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ২০০৪ চনত হিন্দী ছবি ‘কিঁউ- হো গেয়া না’ৰ জৰিয়তে বলিউডত ভুমুকি মাৰিছিল কাজল আগৰৱালে।

You might also like