নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াৰ মুখ্য নির্বাচকৰ পদ এৰাৰ ইচ্ছা নাই আগৰকাৰৰ, কার্যকাল বৃদ্ধিৰ বাবে ব’ৰ্ডক অনুৰোধ

ডিজিটেল ডেস্ক, ২০ মার্চ : সদ্যসমাপ্ত টি–২০ বিশ্বকাপ জয় কৰাৰ পিছত এই মুহূর্তত টীম ইণ্ডিয়াৰ কোনো শৃংখলা নাই৷ অহা ২৮ মার্চৰ পৰা আৰম্ভ হ’ব আইপিএল৷ ইয়াৰ পূর্বে ভাৰতীয় দলটোৰ মুখ্য নির্বাচক অজিত আগৰকাৰে তেওঁৰ চুক্তি আৰু এবছৰলৈ বৃদ্ধিৰ বাবে অনুৰোধ জনাইছে৷ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে তেওঁ মুখ্য নির্বাচক হিচাপে থাকিব বিচাৰে৷ আগৰকাৰৰ অনুৰোধৰ পিছতেই এই বিষয়ত ব’ৰ্ডৰ ভিতৰত আলোচনা আৰম্ভ হৈছে৷ আগৰকাৰৰ কার্যকালত ভাৰতে দুটা টি–২০ বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী লাভ কৰিছে৷

সংবাদ প্রতিষ্ঠানৰ এক প্রতিবেদন অনুসৰি আগৰকাৰে ২০২৭ চনৰ বিশ্বকাপলৈকে তেওঁক দায়িত্বত ৰাখিবলৈ ব’ৰ্ডক অনুৰোধ জনাইছে৷ ইতিমধ্যে এই সন্দর্ভত বহু চর্চা হৈছে৷ যিহেতু এই মুহূর্তত হাতত কোনো ভাল বিকল্প নাই, সেয়েহে আগৰকাৰৰ অনুৰোধত ব’র্ডে সন্মতি দিব পাৰে৷ কিন্তু সন্মুখত আছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এদিনীয়া বিশ্বকাপৰ কেইবাখনো গুৰুত্বপূর্ণ মেচ৷ ব’ৰ্ডৰ পৰা এতিয়াও কোনো সঁহাৰি পোৱা নাই৷ পশ্চিম অঞ্চলৰ আন এগৰাকী ক্রিকেটাৰ মুখ্য নির্বাচক হ’বলৈ সাজু বুলি জানিব পৰা গৈছে৷ অৱশ্যে তেওঁৰ দাবী বৰ বেছি শক্তিশালী নহয়৷ আগৰকাৰৰ অনুৰোধ মানি লোৱাৰ পূর্বে সেই প্রার্থীৰ সৈতে এবাৰ আলোচনা কৰিব পাৰে ব’র্ডে৷ ২০২৩ চনৰ জুন মাহৰ পৰা মুখ্য নির্বাচক হিচাপে থকা আগৰকাৰে ৰাহুল দ্রাবিড়ৰ পিছত এতিয়া গৌতম গম্ভীৰৰ সৈতে কাম কৰি আছে৷ পূর্বৰ অ’পেনাৰৰ সৈতে আগৰকাৰৰ ভাল সম্পর্ক৷ দুয়োৰে দর্শন একে৷ বগা বল ক্রিকেটত অপৰাজিত হৈ পৰিছে ভাৰতীয় দল৷ অৱশ্যে টেষ্টত আশানুৰূপ সফলতা লাভ কৰিব পৰা নাই৷ এতিয়া আগৰকাৰক আৰু অধিক সময়ৰ বাবে মুখ্য নির্বাচক হিচাপে চাব পৰা যাব নেকি সেয়া হ’ব লক্ষণীয়৷

You might also like