নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষৰ পৰা আই পি এলত লক্ষ্ণৌ, আহমেদাবাদৰ নতুন দল

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ প্রতীক্ষাৰ অন্ত পেলাই অৱশেষত আজি বি চি চিআয়ে ঐশ্বর্যশালী টি–২০ লীগ আই পি এলত অহা বর্ষৰ পৰা অন্তর্ভুক্ত হ’বলগীয়া দুটা নতুন দলৰ নাম ঘোষণা কৰে৷ তাজ ডুবাইত অনুষ্ঠিত নিবিদা প্রক্রিয়াত সর্বাধিক মূল্যৰ বিনিময়ত আই পি এলৰ নতুন দল দুটাৰ মালিকীস্বত্ব ক্রয় কৰে সঞ্জীৱ গোৱেংকা নেতৃত্বাধীন আৰ পি এছ জি গ্রুপ আৰু ইণ্টাৰনেচনেল ইনভেষ্টমেণ্ট ফার্ম চি ভি চি কেপিটেল নামৰ প্রতিষ্ঠান দুটাই৷ আৰ পি এছ জি গ্রুপে ৭০৯০ কোটি টকাৰ বিনিময়ত লক্ষ্ণৌ দলৰ মালিকীস্বত্ব লাভ কৰিবলৈ সক্ষম হয়৷ একেদৰে চি ভি চি কেপিটেল গ্রুপে আহমেদাবাদ দলৰ বাবে ৫১৬৬ কোটি টকা ব্যয় কৰে৷

মন কৰিবলগীয়া যে আই পি এলৰ নতুন দল ক্রয়ৰ বাবে বি চি চি আয়ে আয়োজন কৰা নিবিদা প্রক্রিয়াত দেশ–বিদেশৰ মুঠ দহটা প্রতিষ্ঠানে অংশ লৈছিল৷ বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু ভাৰতৰ প্রতিষ্ঠিত ব্যৱসায়িক প্রতিষ্ঠান আদানী গ্রুপ আই পি এলৰ নতুন দল ক্রয়ৰ দৌৰত আগবাঢ়ি আছিল যদিও আজি অনুষ্ঠিত নিবিদা প্রক্রিয়াত আৰ পি এছ জি গ্রুপ আৰু চি ভি চি কেপিটেলে বি চি চি আইক বৃহৎ পৰিমাণৰ ধনৰাশি আগবঢ়াই নতুন দল দুটাৰ মালিকীস্বত্ব লাভ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা অনুসৰি আদানী গ্রুপে ৫ হাজাৰ কোটি আগবঢ়াবলৈ সন্মত হৈছিল৷ কিন্তু মানচেষ্টাৰ ইউনাইটেড আৰু ট’ৰেণ্ট গ্রুপে ৫ হাজাৰ কোটিৰ কাষ চপা নাছিল৷ লক্ষ্ণৌ আৰু আহমেদাবাদৰ অন্তর্ভুক্তিৰ পিছত অহাবর্ষৰ আই পি এলত মুঠ দহটা দলক প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা যাব৷ আহমেদাবাদ আৰু লক্ষ্ণৌৰ লগতে কটক, ধৰমশালা, গুৱাহাটী আৰু ইন্দোৰ চহৰে আই পি এলৰ নতুন দলৰ নিবিদা দখিল কৰিছিল৷

You might also like