নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম দৃষ্টিহীন ক্ৰিকেট দল গঠনঃ নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ আকাশ টেৰণৰ মূল দলত স্থান লাভ

নিয়মীয়া বাৰ্তা , ১২ অক্টোবৰ : অসম দৃষ্টিহীন ক্ৰিকেট দলত নগাওঁ জিলাৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ আকাশ টেৰণে মূল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি বিদ্যালয় খনৰ আন দুজন ছাত্ৰ ভাস্কৰ শৰ্মা আৰু পিকু শইকীয়াই অতিৰিক্ত খেলুৱৈ হিচাপে অসম দলত স্থান লাভ কৰিছে।

উল্লেখ্য যে, গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেল পথাৰত কেয়াৰ ইউ ৩৬৫ নামৰ এটা বেচৰকাৰী অনুষ্ঠানৰ উদ্যোগত ৭ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ দৃষ্টিহীন সকলৰ বাবে ক্ৰিকেট শিবিৰ অনুষ্ঠিত হয়। ৰাজ্যখনৰ ১৬ খন জিলাৰ ৩২ গৰাকী দৃষ্টিহীন খেলুৱৈয়ে এই শিবিৰত অংশগ্ৰহণ কৰে। ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ সহ অধিনায়ক ভেংকটেশ ৰাও আৰু পশ্চিমবঙ্গ দলৰ অধিনায়ক তন্ময় ভৌমিকে খেলুৱৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত শিবিৰতে অসম দৃষ্টিহীন ক্ৰিকেট দল গঠন কৰা হয়।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ কেইজনক এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় বিদ্যালয় খনৰ শিক্ষক দিবেন বৰা, ৰুদ্ৰ বৰা আৰু ইন্দ্ৰ বৰাই। ২৫ অক্টোবৰৰ পৰা চণ্ডীগড়ত হব লগা নাৰ্গেছ ট্রফীত অসম দৃষ্টিহীন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব। বঢ়মপুৰৰ এই বিদ্যালয় খনৰ তিনিগৰাকী ছাত্ৰই অসম দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ কৰাত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰাৰ লগতে বঢ়মপুৰ অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰিছে। দৃষ্টিহীন ক্ৰিকেট খেলুৱৈ সকলক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰক অসম দৃষ্টিহীন ক্ৰিকেট দলে আহ্বান জনাইছে। অসমৰ দৃষ্টিহীন ক্ৰিকেট খেলুৱৈ সকলক ক্ৰিকেট খেলাৰ পৰিবেশ সৃষ্টিৰ বাবে প্ৰথম বাৰৰ বাবে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰাত আগ-ভাগ লোৱা সকলৰ ভিতৰত বেচৰকাৰী অনুষ্ঠানটোৰ অধ্যক্ষ ভৃগু বৰঠাকুৰ অন্যতম আছিল।

You might also like