নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ৰঙাপৰাৰ বিধায়কে সাংবাদিকক বিলালে জেলেপি

নিয়মীয়া বাৰ্তা  ১২ অক্টোবৰঃ  শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যে শোণিতপুৰৰ বালিপৰাত সাংবাদিকসকলৰ মাজত জেলেপি বিলালে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । বালিপৰা-লখিমপুৰ পথস্থিত বিধায়ক সেৱা কেন্দ্ৰত ৰঙাপৰাৰ বিধায়কজনে বালিপৰা প্ৰেছ ক্লাবৰ সমূহ সাংবাদিকৰ সৈতে আজি মত-বিনিময় কৰি শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে লগতে প্ৰত্যককে একোটকৈ জেলেপিৰ টোপোলা বিতৰণ কৰে । অনুষ্ঠানত সাংবাদিকসকলৰ তৰফৰপৰাও বিধায়কগৰাকীক দুৰ্গা পূজাৰ শুভেচ্ছা জনোৱা হয় ।

You might also like