বর্ষাপাৰাত অসম সন্তান ৰিয়ান নেতৃত্বাধীন ৰাজস্থানৰ হাতত পৰাস্ত চেন্নাই
ডিজিটেল ডেস্ক, ৩১ মার্চ : বর্ষাপাৰাত সেমেকা বতৰৰ নিৰস মেচত বিস্ফোৰক ৰূপ বৈভৱ সূর্যবংশীৰ৷ অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে চলিত আইপিএলত সহজ জয়েৰে অভিযান আৰম্ভ কৰিছে৷ সোমবাৰে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৰাজস্থানে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে৷
মেচখনত চিএছকেই জয়ৰ বাবে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি বৈভৱ সূর্যবংশীৰ ১৭টা বলত বিস্ফোৰক ৫২ আৰু যশস্বী জয়ছোৱালৰ অপৰাজিত ৩৮ ৰানৰ সহায়ত ৰাজস্থানে ১২.১ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ জয়ছোৱাল আৰু বৈভৱে প্রথম উইকেটত ৭৫ ৰান কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তোলে৷ মাত্র ১৫টা বলত অর্ধশতক অর্জন কৰা বৈভৱৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৫টা ছয়৷ ধ্রুৱ জুৰেলে ১৮ ৰান কৰি বিদায় লয় যদিও অধিনায়ক ৰিয়ানে ১৪ ৰান কৰি অপৰাজিত হৈ থাকে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি বিপর্যয়ৰ সন্মুখীন হৈ চেন্নাই ছুপাৰ কিংছে ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৭ ৰানহে কৰে৷ ইনিংছৰ আৰম্ভণিৰ পৰাই বিপর্যয়ৰ সন্মুখীন হোৱা চিএছকেৰ হৈ টেইলএণ্ডাৰ জেমি অ’ভাৰটনে সর্বাধিক ৪৩ ৰান কৰে৷ অ’ভাৰটনৰ ৩৬টা বলৰ ইনিংছটোত আছিল ২টা চাৰি আৰু দুটা ছয়৷ ধোনীবিহীন চেন্নাই দলটোৰ মাত্র তিনিগৰাকী বেটাৰেহে দহকৰ ঘৰ স্পর্শ কৰে৷ কার্তিক শর্মাই ১৮ আৰু ছৰফৰাজ খানে ১৭ ৰানৰ অৱদান আগবঢ়ায়৷
ইফালে, চিএছকেৰ হৈ অভিষেক মেচতে ব্যর্থ হয় সঞ্জু ছেমছন৷ ৰাজস্থান ৰয়েলছ ত্যাগ কৰি চেন্নাইলৈ যোৱা সঞ্জুৱে অধিনায়ক ৰুতুৰাজ গাইকোৱাডৰ সৈতে ইনিংছ মুকলি কৰে যদিও আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ সদ্যসমাপ্ত টি–২০ বিশ্বকাপত দুর্দান্ত বেটিং প্রদর্শন দাঙি ধৰা তাৰকা অ’পেনাৰগৰাকীয়ে ৭টা বলৰ সন্মুখীন হৈ মাত্র ৬ ৰানহে কৰে৷ সঞ্জু আউট হোৱাৰ পিছত দলটোৰ বিপর্যয় আৰম্ভ হয়৷ দলীয় স্ক’ৰ ৯৪ ৰানতে ৯টাকৈ উইকেট হেৰুৱাইছিল যদিও অ’ভাৰটনে অংশুল কম্বোজৰ সৈতে দশম উইকেটত সর্বাধিক ৩১ ৰানৰ যুটি বান্ধে৷ অংশুলে ৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ অধিনায়ক ৰুতুৰাজে ৬, আয়ুস মাত্রেই ০, মেথিউ শ্বর্টে ২ আৰু শিৱম ডুবেই ৬ ৰান কৰি বিদায় লয়৷ ৰাজস্থানৰ হৈ জ’ফ্রা আর্চাৰ, নান্দ্রে বার্গাৰ আৰু ৰবীন্দ্র জাদেজাই দুটাকৈ উইকেট লয়৷