নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৭ৰ লোকপিয়লত লিভ-ইন যুগলক গণ্য কৰা হ’ব ‘বিবাহিত’

ডিজিটেল ডেস্ক, ৩১ মার্চ : আগন্তুক ২০২৭ চনত সমগ্র দেশতে অনুষ্ঠিত হ’ব লোকপিয়ল৷ সেই লোকপিয়লৰ সময়ত লিভ–ইনত থকা যুগলক ‘বিবাহিত’ হিচাপে গণ্য কৰা হ’ব৷ দেশৰ জনগণনাক লৈ মানুহৰ মনত উদ্ভৱ হ’ব পৰা একাধিক প্রশ্ণৰ উত্তৰ দিবলৈ এটা প’র্টেল আৰম্ভ কৰিছে কেন্দ্রীয় চৰকাৰে৷ সেই প’র্টেলতে জনোৱা হৈছে এই তথ্য৷

পূর্বৱর্তী লোকপিয়লৰ সৈতে জড়িত এগৰাকী ব্যক্তিয়ে সর্বভাৰতীয় সংবাদ মাধ্যমক জনায় যে ইয়াৰ পূর্বেও অবিবাহিত যুগলসকলক যিসকলে একেলগে থাকে তেওঁলোকক অবিবাহিত বুলিয়ে পৰিচয় দিয়া হৈছিল৷ কিন্তু এইবাৰেই প্রথম এনে তথ্য পোহৰলৈ আহিছে৷ জানিব পৰা মতে, কেন্দ্রৰ প’র্টেলটোত আছে এফএকিউ অর্থাৎ এই বিষয়ে যিবোৰ প্রশ্ণ জনসাধাৰণৰ মনলৈ আহিব পাৰে সেইবোৰ তাত ৰখা হৈছে৷ তাৰ মাজতেই আছে এই প্রশ্ণটো৷

উল্লেখযোগ্য যে এই লোকপিয়ল হ’ব দুটা পর্যায়ত৷ প্রথমে হাউছিং এনলিষ্টিং আৰু তাৰ পিছত পপুলেচন এনুমাৰচেন৷ প্রথমটো পর্যায় আৰম্ভ হ’ব ১ এপ্রিলৰ পৰা ৩০ ছেপ্টেম্বৰ পর্যন্ত৷ তাৰ ভিতৰত প্রাথমিক ৪৫ দিনৰ সময়ছোৱাত তাৰ প্রথম ১৫ দিনত নিজেই সকলো তথ্য প’র্টেলত দিব লাগিব৷ লোকপিয়লত উত্তৰদাতাসকলে তেওঁলোকৰ উত্তৰৰ সপক্ষে প্রমাণ দাখিল কৰাৰ প্রয়োজন নাই৷

যোৱা জানুৱাৰী মাহত চৰকাৰী বিজ্ঞপ্তিত জনোৱা হয় ২০২৭ চনৰ লোকপিয়লৰ বিষয়টো৷ লগে লগে এই ঘোষণাক লৈ প্রশ্ণ উঠে৷ তেতিয়াই জনা গৈছিল যে এপ্রিল মাহত অসমসহ দেশৰ ৪খন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ এনে ক্ষেত্রত নির্বাচনী কার্যত ব্যস্ত থাকিবলগীয়া চৰকাৰী কর্মচাৰীসকলে একে সময়তে লোকপিয়লৰ কামতো জড়িত হ’বলগীয়া হ’লে বৃহৎ খেলিমেলিৰ সৃষ্টি হ’ব পাৰে৷

এই সময়তে জনা গৈছিল যে চেন্সাছ মেনেজমেণ্ট এণ্ড মনিট’ৰিং ছিষ্টেমৰ মাধ্যমেৰে ৰিয়েল টাইমত কামৰ অগ্রগতি চোৱা হ’ব৷ প্রথম পর্যায়ত মুঠ ৩৩টা প্রশ্ণ কৰা হ’ব৷ ইয়াৰ ভিতৰত আছে খোৱাপানীৰ ব্যৱস্থা, গা–ধোৱা ঘৰ, পাকঘৰ, এলপিজি–এনপিজি সংযোগ, ইণ্টাৰনেট সুবিধা, বিদ্যুৎ, বাসস্থানৰ ধৰণ আৰু পৰিয়ালৰ প্রধান খাদ্যশস্য সম্পর্কীয় তথ্য৷ চৰকাৰে দাবী কৰে যে এই তথ্য ভৱিষ্যৎ নীতি নির্ধাৰণ আৰু জনকল্যাণমূলক প্রকল্পত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ এই লোকপিয়লৰ সময়তে সমাজত মানুহৰ জীৱন ধাৰণৰ পদ্ধতিক লৈ যি তথ্য আহৰণ কৰা হ’ব তাৰ পৰাও বিভিন্ন সিদ্ধান্ত গ্রহণত সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like