নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL ৰ পাছতে গোলাপি বলেৰে আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট চিৰিজ; শৃংখলাৰ ক্রীড়াসূচী প্রায় চূড়ান্ত

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ আইপিএল শেষ কৰি অষ্ট্ৰেলিয়াৰ ভূমিত পূর্ণাংগ শৃংখলা খেলিবলৈ উৰা মাৰিব বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩ খন ৱানডে, ৩ খন টি-২০ আৰু ৪ খন টেষ্ট খেলিব টীম ইণ্ডিয়াই।

জানিব পৰা মতে দুমাহতকৈ অধিক সময় ধৰি চলিবলগীয়া এই শৃংখলাৰ ক্রীড়াসূচি প্রায় চূড়ান্ত হৈছে। অষ্ট্ৰেলিয়াৰ বিভিন্ন ৰাজ্যৰ চৰকাৰৰ অনুমতি পালেই সেই ক্রীড়াসূচী ঘোষণা কৰি দিয়া হ’ব।

নতুন সূচী অনুযায়ী, অহা ১৭ ডিচেম্বৰত এডিলেইড ওভালত অনুস্থিত হ’বলগীয়া দিবা-নৈশ টেষ্ট দিয়ে আৰম্ভ হ’ব দুইদেশৰ মাজত টেষ্ট চিৰিজ। ইপিনে এই টেষ্টৰ জৰিয়তেই প্রথমবাৰলৈ বিদেশৰ মাটিত গোলাপি টেষ্ট খেলিব ভাৰতে।

You might also like