বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিবই লাগিব বাংলাদেশ
ঘৰুৱা প্ৰতিবাদৰ বাবেই বি চি চি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ ভাৰতীয় জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে
টি-২০ বিশ্বকাপৰ স্থান স্থানান্তৰিত কৰাৰ বাংলাদেশৰ দাবী নাকচ কৰিছে আই চি চিয়ে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বকাপ খেলিবলৈ বাংলাদেশ ভাৰতলৈ আহিবই লাগিব। অন্যথা পইণ্ট হেৰুৱাব লাগিব দলটোৱে।
আই চি চিয়ে ভাৰ্চুৱেল বৈঠকত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক অৱগত কৰে যে সুৰক্ষাজনিত কাৰণত ভাৰতৰ বাহিৰত মেচ খেলাৰ তেওঁলোকৰ দাবী নাকচ কৰা হৈছে। আই চি চিয়ে বি চি বিক জনাই যে বাংলাদেশে টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব লাগিব, অন্যথা পইণ্ট হেৰুৱাব লগা হ’ব। ইফালে বি চি বিয়ে জনোৱা মতে, আই চি চিয়ে এই অনুৰোধ নাকচ কৰাৰ বিষয়ে তেওঁলোকক অৱগত কৰা নাই।
বি চি চি আইৰ নিৰ্দেশত শেহতীয়াকৈ আই পি এলৰ দল কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিছে। ঘৰুৱা প্ৰতিবাদৰ বাবেই বি চি চি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ ভাৰতীয় জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে। ফলস্বৰূপে আই পি এলত ৰহমানক ক্ৰয় কৰাৰ বিৰোধিতা কৰিছিল ভাৰতীয় জনসাধাৰণে।
বি চি চি আইয়ে মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছতে বাংলাদেশ চৰকাৰো এই বিতৰ্কত জপিয়াই পৰে। ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ বৰ্জন কৰাৰ ভাবুকি দিছিল বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে। আই চি চিলৈ লিখা এখন পত্ৰত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত তেওঁলোকৰ মেচ খেলিব নোৱাৰিব বুলি উল্লেখ কৰি সেই মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ দাবী জনায়।
বাংলাদেশে যুক্তি দিছিল যে তেওঁলোকৰ খেলুৱৈসকলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ লোৱাটো প্ৰয়োজনীয়। ক্ষোভত বাংলাদেশে আনকি বাংলাদেশত আই পি এল সম্প্ৰচাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু এতিয়া আই চি চিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বকাপৰ খেল খেলিবলৈ বাংলাদেশ ভাৰতলৈ আহিবই লাগিব।
ডিজিটেল ডেস্ক, ৭ জানুৱাৰী
লগতে এইটোও পঢ়ক —- ১৭ জানুৱাৰীত প্রধানমন্ত্রীৰ সন্মুখত সৰুসজাইত পৰিৱেশন বাগৰুম্বা