নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

RTI আইনৰ অধীনত নাহে BCCI, ঘোষণা কেন্দ্ৰীয় তথ্য আয়োগৰ

কেন্দ্ৰীয় তথ্য আয়োগ (Central Information Commission)-এ সোমবাৰে স্পষ্ট কৰি দিছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড (Board of Control for Cricket in India (BCCI)) তথ্যৰ অধিকাৰ আইন (RTI)-ৰ অধীনত ‘সাৰ্বজনীন প্ৰাধিকৰণ’ নহয়। আয়োগে কয় যে BCCI চৰকাৰৰ মালিকানাধীন নহয়, চৰকাৰৰ নিয়ন্ত্ৰণত নহয় আৰু চৰকাৰৰ পৰা উল্লেখযোগ্য আৰ্থিক সহায়ো লাভ নকৰে।

ইয়াৰ সৈতে আয়োগে সেই আপীলখনো খাৰিজ কৰে, য’ত BCCIয়ে কোন বিধান আৰু অধিকাৰৰ ভিত্তিত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে খেলুৱৈ নিৰ্বাচন কৰে সেই তথ্য বিচৰা হৈছিল।

CIC-য়ে নিজৰ ৰায়ত উল্লেখ কৰে যে BCCI এটা ব্যক্তিগত আৰু স্বায়ত্তশাসিত সংস্থা, যিটো ‘তামিলনাডু ছ’চাইটি পঞ্জীয়ন আইন’-ৰ অধীনত পঞ্জীয়িত। এই সংস্থাটো সংবিধান, সংসদ বা কোনো ৰাজ্যিক বিধানসভাৰ জৰিয়তে গঠন হোৱা নহয় আৰু কোনো চৰকাৰী অধিসূচনাৰ জৰিয়তেও সৃষ্টি কৰা হোৱা নাই।

তথ্য আয়ুক্তই নিজৰ নিৰ্দেশত কয় যে RTI আইনৰ ধাৰা ২(এইচ)-ৰ অধীনত BCCI-ক ‘সাৰ্বজনীন প্ৰাধিকৰণ’ হিচাপে গণ্য কৰিব নোৱাৰি। সেয়েহে এইক্ষেত্ৰত RTI আইনৰ বিধানসমূহ BCCI-ৰ ওপৰত প্ৰযোজ্য নহয়।

ডিজিটেল ডেস্ক, ১৮ মে’

You might also like