নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিলৰ সিদ্ধান্ত ব’ৰ্ডৰ, কিয় ল’লে এই সিদ্ধান্ত ?

ডিজিটেল ডেস্ক, ২৭ মার্চ : শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ বিগত বর্ষৰ ৪ জুনত ৰয়েলছ চেলেঞ্জার্ছ বেংগালুৰুৱে প্রথমবাৰৰ বাবে আইপিএলৰ খিতাপ জয়ৰ পিছত উদযাপিত বিজয় উৎসৱৰ সময়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশত মৃত্যু হৈছিল ১১জনকৈ লোকৰ৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে উক্ত ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্রতি সন্মান জনাই এইবাৰ আইপিএলৰ মুকলি অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ অৱশ্যে বিচিচিআই আৰু আইপিএল গৱর্নিং কাউঞ্চিলে ফাইনেলৰ দিনা অর্থাৎ ৩১ মে’ত এক বর্ণিল সামৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ সংবাদ প্রতিষ্ঠানৰ আগত আজি এইদৰে কয় বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই৷

ব’ৰ্ডৰ সম্পাদকগৰাকীয়ে কয় যে ৪ জুনত সংঘটিত হোৱা কৰুণ ঘটনাৰ বাবে আইপিএলৰ প্রথম দিনা কোনো অনুষ্ঠান নাথাকিব৷ এইবাৰ বিচিচিআইৰ উদ্যোগত উদ্বোধনীৰ দিনটোত কোনোধৰণৰ সাংস্কৃতিক বা মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা নাই৷ দুর্ঘটনাত মৃত্যু হোৱা লোকসকলক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অৱশ্যে ফাইনেলৰ দিনটোত এক বৃহৎ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে৷

উল্লেখ্য যে ইয়াৰ পূর্বে ২০১৯ চনত পুলৱামা আক্রমণত প্রায় ৪০জন চিআৰপিএফ জোৱান নিহত হোৱাৰ পিছত বিচিচিআয়ে আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰিছিল৷ অহা শনিবাৰে বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু ছানৰাইজার্ছ হায়দৰাবাদৰ মাজত আইপিএলৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব৷

You might also like