নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিউলীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে একালৰ বিপিএফৰ দুর্গ

ডিজিটেল ডেস্ক, ২৭ মার্চ : আগন্তুক বিধানসভা নির্বাচনক কেন্দ্র কৰি বড়োভূমিৰ সদৰ কোকৰাঝাৰত ৰাজনৈতিক তৎপৰতা তীব্র হৈ পৰিছে৷ কোকৰাঝাৰ সমষ্টিৰ বাহিৰে জিলাখনৰ আন সকলো সমষ্টিত মূল প্রতিদ্বন্দ্বিতা বিজেপি–বিপিএফ–মিত্রজোঁট আৰু ইউপিপিএলৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে৷ বিশেষকৈ কোকৰাঝাৰ সমষ্টিটো সকলোৰে বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে এইবাৰ৷ কিয়নো সমষ্টিটোত এইবাৰ ইউপিপিএল দলৰ বিধায়ক লৰেন্স ইছলাৰীৰ বিৰুদ্ধে বিপিএফে হাগ্রামাৰ পত্নী ছিউলী ব্রহ্ম মহিলাৰীক প্রার্থিত্ব প্রদান কৰিছে৷

যিহেতু ছিউলী ব্রহ্ম মহিলাৰী প্রথমবাৰ ৰাজনৈতিক যুদ্ধত খোজ দিয়াৰ উপৰি বর্তমানৰ বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ সহধর্মিণী৷ সেই সুুবাদতে এইবাৰ বড়োভূমিৰ সকলো ৰাইজৰ চকু কোকৰাঝৰ সমষ্টিত৷ ইফালে, দুয়োটা দলৰ পছন্দৰ প্রার্থী ঘোষণা হোৱাৰ পিছতে তৃণমূল পর্যায়ত কর্মী-সমর্থকৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ এইবাৰ দুয়োগৰাকী প্রার্থী যথেষ্ট জনপ্রিয়, এজন বর্তমানৰ বিধায়ক, আনগৰাকী হাগ্রামাৰ পত্নী আৰু বিজেপি–বিপিএফ মিত্রজোঁটৰ প্রার্থী হোৱা বাবে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ অধিক জটিল আৰু ৰোমাঞ্চকৰ হৈ পৰিছে৷

সমষ্টিটোত প্রাপ্ত তথ্য মতে, প্রায় ১ লাখ ৪৪ হাজাৰ ২৪১গৰাকী ভোটাৰে প্রার্থীৰ ভাগ্য নির্ধাৰণ কৰিব৷ মন কৰিবলগীয়া যে বিভিন্ন জাতি–জনগোষ্ঠীৰে পৰিপূর্ণ ভোটাৰৰ এক আকর্ষণীয় সমষ্টি হ’ল কোকৰাঝাৰ বিধানসভা সমষ্টি৷ সমষ্টিটোৰ ৰাইজ বহু সমস্যাৰে জর্জৰিত৷ যাতায়াত ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ উপৰি স্বাস্থ্যসেৱা সমস্যাই প্রধানতঃ কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিৰ মূল ইছ্যু৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয় যে একালৰ বিপিএফৰ দুর্গ হিচাপে বিবেচিত হোৱা কোকৰাঝাৰ বিধানসভা সমষ্টিটো বিগত বিধানসভা নির্বাচনত বিপিএফ দলৰ শক্তিশালী প্রার্থী তথা পাঁচবাৰ বিধায়িকাৰ পদ অলংকৃত কৰাৰ লগতে প্রাক্তন মন্ত্রী প্রমীলাৰাণী ব্রহ্মক পৰাজিত কৰি ইউপিপিএলৰ যুৱ প্রার্থী লৰেন্স ইছলাৰীয়ে বড়োভূমিত গুৰুত্বপূর্ণ সমষ্টিটো দখল কৰিছিল৷ কিন্তু এইবাৰ বহুচর্চিত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ নির্বাচনী ৰাজনৈতিক প্রেক্ষাপট সম্পূর্ণ ব্যতিক্রম৷

কাৰণ সমষ্টি পুনৰ নির্ধাৰণে জিলাখনৰ সমষ্টিৰ ৰূপৰেখা একপ্রকাৰ সালসলনি কৰি নৱগঠিত বাওখুংগ্রী আৰু দোতমা সমষ্টিত কিছু গাঁও অন্তর্ভুক্তিকৰণেৰে ভোটাৰৰ সংখ্যা হ্রাস কৰিছে৷ উল্লেখ্য যে এটা সময়ত কোকৰাঝাৰ পূব বিধানসভা সমষ্টিত প্রায় ১ লাখ ৯৬ হাজাৰ ভোটাৰ আছিল আৰু বর্তমান সমষ্টি পুনৰ নির্ধাৰণত প্রায় ৫০ হাজাৰ ভোটাৰ আন সমষ্টিত কর্তন কৰি লোৱাত শেহতীয়াকৈ তথ্য অনুসৰি ভোটাৰৰ সংখ্যা সমষ্টিত ১ লাখ ৪৪ হাজাৰ ২৪১৷

মন কৰিবলগীয়া যে বিগত বিধানসভা নির্বাচনত ইউপিপিএল দলৰ প্রার্থী লৰেন্স ইছলাৰীয়ে তেওঁৰ নিকটতম প্রার্থী প্রমীলাৰাণী ব্রহ্মক ২০ সহস্রাধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷ ইউপিপিএলৰ প্রার্থীগৰাকীয়ে ৮৩,৫১৫টা ভোট লাভ কৰাৰ বিপৰীতে প্রমীলাৰাণী ব্রহ্মই ৬৩,৪২০টা ভোট লাভ কৰে৷ তেনে প্রেক্ষাপটত এইবাৰ ৩নং কোকৰাঝাৰ সমষ্টিত ইউপিপিএলৰ বর্তমানৰ বিধায়ক লৰেন্স ইছলাৰী বনাম বিপিএফ দলৰ নতুন মুখৰ প্রার্থী তথা বিটিচিপ্রধানৰ সহধর্মিণী ছিউলী ব্রহ্ম মহিলাৰীৰ মাজত মূল যুঁজখনে অধিক আকর্ষণীয় কৰি তুলিব৷

ইফালে, এইক্ষেত্রত শাসনাধিষ্ঠিত বিপিএফ দলে কোকৰাঝাৰ বিধানসভা সমষ্টিক পুনৰ উদ্ধাৰৰ লক্ষ্য লৈ প্রাক্তন বিধায়িকা তথা মন্ত্রী প্রমীলাৰাণী ব্রহ্মক টিকট প্রদানৰ পৰা বঞ্চিত কৰি হাগ্রামা মহিলাৰীয়ে ছিউলী ব্রহ্ম মহিলাৰীক টিকট প্রদান কৰি একপ্রকাৰ চমক তথা নতুন সমীকৰণৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে৷ অৱশ্যে সমষ্টিটোৰ একাংশ ন–পুৰণি ভোটাৰে সদৰী কৰা অনুসৰি সমষ্টিটোৰ নির্বাচনী যুঁজখন আত্মসন্মান আৰু প্রত্যাহ্বানৰ যুঁজ হ’ব দুয়োটা দলৰ বাবে আৰু মূল যুঁজ ইউপিপিএল বনাম এনডিএ সমর্থিত বিপিএফ প্রার্থীৰ মাজতে সীমাবদ্ধ থাকিব বুলি সমষ্টিটোৰ সর্বত্র ব্যাপক চর্চা চলিছে৷

বিপিএফ দলৰ পৰা টিকট লাভ কৰি প্রথমবাৰৰ বাবে নির্বাচনত অৱতীর্ণ হোৱা ছিউলী ব্রহ্ম মহিলাৰীয়েও কোকৰাঝাৰ সমষ্টিত তেওঁৰ জয় ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰিছে৷ ইতিমধ্যে সমষ্টিটোৰ প্রতিটো জাতি–জনগোষ্ঠী, বিভিন্ন ধর্মাৱলম্বী ৰাইজ আৰু দল–সংগঠনে তেওঁৰ প্রতি বিপুল সমর্থন জনোৱা দেখা গৈছে৷ আনহাতে কোকৰাঝাৰ বিধানসভা সমষ্টিৰ এক তথ্য মতে, সর্বাধিক ভোটাৰ তালিকাত আছে বড়ো জনগোষ্ঠী, দ্বিতীয়তে কোচ ৰাজবংশী, তৃতীয়তে বাঙালী আৰু চতুর্থতে আদিবাসী৷ লক্ষণীয় যে সমষ্টিটোত বড়ো ভোটাৰ প্রায় ৬৮,৫০০গৰাকী, কোচ ৰাজবংশী ১৯,০০০গৰাকী, বাঙালী ১৮,০০০গৰাকী, আদিবাসী ১৩,০০০গৰাকী, মুছলমান ৮,০০০গৰাকী, গোর্খা ৬,৫০০গৰাকী, হিন্দীভাষী ৩,৬০০গৰাকী, নাথ–যোগী ১,৮০০গৰাকী, অসমীয়া ১,৩০০গৰাকী আৰু ৰাভা ১,৩০০গৰাকী৷ তেনে ক্ষেত্রত ভোট বিভাজনে সমষ্টিটোত কাৰ ভাগ্য নির্ণয় কৰে, লগতে ভোটাৰে এইবেলি ছিউলী নে লৰেন্স- কাক আঁকোৱালি লয়, সেয়া সময়ে ক’ব৷

You might also like