নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ পূর্বে মুখামুখি নহয় মেছি–নেইমাৰঃ ব্রাজিল–আর্জেণ্টিনাৰ মেচ বাতিল

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ বিশ্বকাপৰ পূর্বে লিঅনেল মেছি আৰু নেইমাৰ মুখামুখি হোৱাৰ সম্ভাৱনাৰ সমাপ্তি ঘটিছে৷ কাটাৰ বিশ্বকাপৰ যোগ্যতা অর্জন পর্বৰ ব্রাজিল–আর্জেণ্টিনাৰ মেচ শেষ পর্যন্ত বাতিল কৰা হৈছে৷ ফিফাৰ নির্দেশ অনুসৰি এই সিদ্ধান্ত জানিবলৈ দিছে দক্ষিণ আমেৰিকাৰ নিয়ামক ফুটবল সংস্থাই৷ উল্লেখ্য যে অহা ২২ ছেপ্টেম্বৰত কাটাৰ বিশ্বকাপৰ যোগ্যতা অর্জন পর্বৰ ব্রাজিল আৰু আর্জেণ্টিনাৰ মাজত মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু দুয়োখন দেখে মেচ খেলিবলৈ সন্মত নহয়৷ তেওঁলোকে জনাইছে যে ছেপ্টেম্বৰৰ শেষত মেচ খেলিবলৈ হ’লে বিশ্বকাপৰ প্রস্তুতিত সমস্যাৰ সৃষ্টি হ’ব৷ ব্রাজিলিয়ান ফুটবল কনফেডাৰেচন আৰু আর্জেণ্টাইন ফুটবল এছ’চিয়েচনৰ যৌথ বিবৃতিত মেচ নেখেলাৰ কথা জনাই দিয়া হৈছে৷ ইতিমধ্যে দুয়োটা দলে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে৷ তদুপৰি সেই মেচৰ ফলাফলৰ প্রভাৱ অন্য কোনো দেশৰ ওপৰত নপৰে৷ সূচী অনুসৰি যোৱা বছৰৰ ছেপ্টেম্বৰত মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ভিডৰ বাবে মেচখন বাতিল কৰিবলগীয়া হৈছিল৷

You might also like