নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ উপ-অধিনায়কৰ দায়িত্বত বুমৰাহ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। অৱশ্যে টীম ইণ্ডিয়াই ডুবাইত খেলিব। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বল ছিৰিজ খেলিব লাগিব। শেহতীয়াকৈ টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ মাটিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলিছিল, য’ত যশপ্ৰীত বুমৰাহক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। বুমৰাহে শৃংখলাৰ ৫খন খেলৰ ভিতৰত ২খন খেলত টীম ইণ্ডিয়াৰ অধিনায়কত্বও লাভ কৰে। এতিয়া ওলোৱা প্ৰতিবেদনত কোৱা হৈছে যে চেম্পিয়নছ ট্ৰফীৰ বাবেও বুমৰাহক ডাঙৰ দায়িত্ব দিব পাৰে। টাইম অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে চেম্পিয়নছ ট্ৰফীত যশপ্ৰীত বুমৰাহক টীম ইণ্ডিয়াৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিব পাৰে। আনহাতে, ৰোহিত শৰ্মা অধিনায়ক হোৱাটো নিশ্চিত বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ যদি বুমৰাহ সম্পূৰ্ণ ফিট হৈ থাকে তেন্তে তেওঁক ৰোহিতৰ সহকাৰী হিচাপে ৰাখিব পাৰে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত বুমৰাহ আঘাতপ্ৰাপ্ত হৈছিল। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শেষ খেল ছিডনীত অনুষ্ঠিত হৈছিল। এই খেলখনত ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ চৰ্চালৈ আহিছিল। আচলতে মেচখনত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত বুমৰাহে অস্বস্তি অনুভৱ কৰিছিল, তাৰ পিছত তেওঁ স্কেন কৰিবলৈ গৈছিল। স্কেনৰ পিছত বুমৰাহ খেলপথাৰলৈ আহিছিল কেৱল বেটিঙৰ বাবে। আনহাতে বুমৰাহে দ্বিতীয় ইনিংছত বল কৰা নাছিল। ভাৰতীয় বলাৰগৰাকীয়ে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে। ১৩.০৬ গড়ে ৩২টা উইকেটৰে শৃংখলাত সৰ্বাধিক উইকেট দখল কৰে। মন কৰিবলগীয়া যে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম আৰু শেষ টেষ্টত যশপ্ৰীত বুমৰাহে টীম ইণ্ডিয়াৰ নেতৃত্ব দিছিল। পাৰ্থত খেলা প্ৰথম টেষ্টত ৰোহিত শৰ্মা উপলব্ধ নাছিল। আনহাতে ছিডনীত খেলা শেষৰখন টেষ্টত ৰোহিত শৰ্মাক প্লেইং এলেভেনৰ পৰা বাদ দিয়া হৈছিল। এইদৰে বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন মেচৰ শৃংখলাত ২খন মেচত ভাৰতৰ অধিনায়কত্ব কৰিছিল।

You might also like