নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুমৰাহক আওকাণ : হার্দিকৰ অধিনায়কত্বক লৈ প্রশ্ন

🔹 পাণ্ডিয়াৰ দুর্বল নেতৃত্বক ককৰ্থনা ব্রেট লী–ইউছুফ–ইৰফানৰ

বিশেষ বাৰ্তা, ২৯ মার্চ : বিশ্বৰ অন্যতম শ্রেষ্ঠ বলাৰ যশপ্রীত বুমৰাহক ইখনৰ পিছত সিখন মেচত আওকাণ মুম্বাই ইণ্ডিয়ানছৰ নৱনিযুক্ত অধিনায়ক হার্দিক পাণ্ডিয়াৰ৷ চলিত আইপিএলৰ প্রথম দুখন মেচত যশপ্রীত বুমৰাহক নতুন বল হাতত তুলি নিদিয়াত ক্ষুব্ধ হৈ পৰিছে প্রাক্তন ক্রিকেটাৰৰ লগতে অনুৰাগীসকল৷ ২২ মার্চৰ পৰা আৰম্ভ হোৱা আইপিএলৰ মুম্বাই ইণ্ডিয়ানছৰ প্রথম দুখন মেচত বুমৰাহৰ সলনি নিজে নতুন বল লৈ বলিং কৰিছিল দলটোৰ অধিনায়ক পাণ্ডিয়াই৷ পৰৱর্তী সময়ত ইয়াৰ মূল্য ভৰিবলগীয়া হয় পাঁচবাৰৰ চেম্পিয়ন দলটোৱে৷ বিশ্বমানৰ বলাৰ বুমৰাহক নতুন বল হাতত তুলি নিদিয়াত ক্ষুণ্ণ হৈ পৰিছে অষ্ট্রেলিয়াৰ প্রাক্তন তাৰকা পেচ বলাৰ ব্রেট লীকে ধৰি টীম ইণ্ডিয়াৰ প্রাক্তন বিস্ফোৰক অলৰাউণ্ডাৰ ইউছুফ পাঠানৰ লগতে প্রাক্তন পেচ বলাৰ ইৰফান পাঠান৷ গুজৰাট টাইটানছৰ বিপক্ষে খেলা মেচখনত প্রথমে বলিং কৰা পাণ্ডিয়াই বুধবাৰে ছানৰাইজার্ছৰ ইনিংছত বুমৰাহক আওকাণ কৰি নিজে প্রথমে বলিং কৰিবলৈ আহে৷ বুমৰাহক এনে অকার্যকৰী ৰূপত ব্যৱহাৰ কৰাৰ বাবে পাণ্ডিয়াৰ অধিনায়কত্বক তীব্র সমালোচনা কৰে ব্রেট লী আৰু ইৰফান পাঠানে৷ পৰহি নিশাৰ মেচখনত হার্দিকে লোৱা কৌশলগত সিদ্ধান্তক লৈ প্রশ্ণ উত্থাপন কৰি ইৰফানে কয় যে হার্দিকৰ অধিনায়কত্ব ক’বলৈ গ’লে সাধাৰণ হৈ আহিছে৷ ছানৰাইজার্ছৰ বেটাৰে নির্দয়ভাৱে প্রহাৰ কৰি থকাৰ সময়ত বুমৰাহক আঁতৰাই ৰখাটো পাণ্ডিয়াৰ মূর্খামিৰ বাদে আন একো নহয়৷ অষ্ট্রেলিয়াৰ প্রাক্তন তাৰকা পেচ বলাৰ ব্রেট লীয়েও এই বিষয়ে একেধৰণৰ মতামত দাঙি ধৰিছে৷ ক্লাছেন, অভিষেক আৰু ট্রেভিছৰ দৰে খেলুৱৈক বাধা দিয়াটো কঠিন হ’লহেঁতেন বুলি কোৱাৰ বিপৰীতে বুমৰাহক প্রথম অভাৰ নিদিয়াটো ভুল সিদ্ধান্ত আছিল৷ ইফালে, ইৰফানৰ জ্যেষ্ঠ ভাতৃ ইউছুফ পাঠানেও মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীক কঠোৰ সমালোচনা কৰি কয় যে মুম্বাইৰ অধিনায়কৰ কৌশল মই বুজি পোৱা নাই৷ অন্তিম অভাৰত স্পীনাৰক কিয় বলিং কৰিবলৈ দিয়া হ’ল বুলি হার্দিকক প্রশ্ণ উত্থাপন কৰে ইউছুফে৷ আনহাতে, পৰহি নিশাৰ মেচখনত বিস্ফোৰক ৰূপ ধাৰণ কৰা ছানৰাইজার্ছৰ হেনৰিখ ক্লাছেনে কয় যে মেচখনত মুম্বাই ইণ্ডিয়ানছে তেওঁলোকৰ শ্রেষ্ঠ বলাৰ ব্যৱহাৰ কৰা নাছিল৷ বুমৰাহে প্রথমে বল কৰাহেঁতেন আমি বৃহৎ স্ক’ৰ সংগ্রহ কৰিবলৈ সক্ষম নহ’লোঁহেঁতেন বুলি মন্তব্য কৰে ক্লাছেনে৷

You might also like