নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দবা বিশ্বকাপত আশা ভংগ দেশবাসীৰ

🔹 টাইব্রেকাৰত কার্লছেনৰ হাতত পৰাজিত প্রজ্ঞানন্দ
বিশেষ বাৰ্তা, ২৪ আগষ্ট : শেষ পর্যন্ত যুঁজ দিলেও শেষ ৰক্ষা কৰিব নোৱাৰিলে ৰমেছবাবু প্রজ্ঞানন্দই৷ দবা বিশ্বকাপৰ ফাইনেলত বিশ্বৰ এক নম্বৰ স্থানৰ দবাৰু মেগনাছ কার্লছেনৰ হাতত পৰাস্ত হৈ ৰানার্ছআপৰ সন্মান লাভ কৰে তেওঁ৷ দবা বিশ্বকাপৰ ফাইনেলত টাইব্রেকাৰত পৰাজিত হয় ভাৰতৰ খেলুৱৈগৰাকী৷ বিশ্বৰ এক নম্বৰ দবাৰু তথা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন কার্লছেনৰ হাতত পৰাজিত হয় প্রজ্ঞানন্দ৷ প্রথম ৰেপিড ৰাউণ্ডত এটা চাল দিবলৈ গৈ চাৰে ছয় মিনিট সময় লয় তেওঁ৷ ২৫ মিনিটৰ খেলত সেই এটি চালৰ বাবেই পিছ পৰিবলগীয়া হ’ল প্রজ্ঞা৷ তেওঁৰ এই ভুলৰ সুযোগ লৈ ২.৫–১.৫ পইণ্টত বিজয়ী হয় কার্লছেন৷ টাইব্রেকাৰৰ প্রথম ৰেপিড ৰাউণ্ডৰ আৰম্ভণিৰ পৰাই ৰক্ষণাত্মক খেলিছিল দুই প্রতিযোগীয়ে৷ সময়ৰ ফালৰ পৰা প্রায় সমানে সমানে গৈছিল দুয়োজন৷ স্নায়ু যুঁজৰ লগতে ঘড়ীৰ ফালেও দৃষ্টি ৰাখিবলগীয়া হৈছিল৷ মাজতে এটা চাল দিবলৈ গৈ অধিক সময় লোৱাত পিছ পৰি যায় তেওঁ৷ এটা সময়ত প্রজ্ঞাৰ সময় ১০ ছেকেণ্ডলৈ নামি গৈছিল৷ তাৰ পৰা উভতি অহাৰ কোনো সুযোগ নাছিল ভাৰতীয় দবাৰুগৰাকীৰ৷ ফলত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয় প্রজ্ঞানন্দই৷ মেচখনত প্রজ্ঞানন্দই যথেষ্ট চাপৰ মাজত থকা পৰিলক্ষিত হৈছিল৷ ২২টা চালৰ ভিতৰত দুয়োজন প্রতিযোগীয়ে ড্রৰ সিদ্ধান্ত লয়৷ ফলত বিজয়ী হয় কার্লছেন৷ মঙল আৰু বুধবাৰে অনুষ্ঠিত দুটা ক্লাছিকেল ৰাউণ্ডৰ দুয়োখন খেলেই ড্র হয়৷ সেয়ে টাইব্রেকাৰৰ জৰিয়তে সিদ্ধান্ত ল’বলগীয়া হয়৷ অৱশ্যে পৰাজিত হ’লেও দবা বিশ্বকাপত ৰানার্ছআপ হোৱা বিশ্বৰ সর্বকনিষ্ঠ দবাৰু হিচাপে পৰিগণিত হয় প্রজ্ঞানন্দ৷

You might also like