নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত টি–২০ বিশ্বকাপ: পাকিস্তানৰ খেলুৱৈৰ ভিছা নিশ্চিত কৰক; আই চি চিক আহ্বান পিচিবিৰ

নিয়মীয়া বাৰ্তা,  ২০ অক্টোবৰঃ ভাৰতত অহা বর্ষৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ বাবে পাকিস্তানৰ খেলুৱৈ আৰু কর্মকর্তাৰ ভিছা সময়মতে নিশ্চিত কৰিবলৈ আই চি চিক আহ্বান জনাইছে পাকিস্তান ক্রিকেট ব’র্ডে৷ পি চি বিৰ মুখ্য কার্যবাহী বিষয়া ৱাছিম খানে  সংবাদ মাধ্যমৰ সন্মুখত কয় যে ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপত পাকিস্তানী খেলুৱৈ আৰু বিষয়ববীয়াই যাতে অংশ ল’ব পাৰে, সেয়া নিশ্চিত কৰিবলৈ আই চি চিয়ে আমাক আগতীয়াকৈ ভাৰতীয় ভিছাৰ নিশ্চয়তা দিব লাগিব৷ আই চি চিয়ে বিষয়টো ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড আৰু ভাৰত চৰকাৰৰ সৈতে আগতীয়াকৈ আলোচনা কৰা উচিত৷

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক আৰু সামৰিক সংঘাতৰ পৰিণতিত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক শৃংখলা সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ ২০১৩ৰ জানুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অন্তিমবাৰৰ বাবে দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হৈছিল৷ সেইবাৰ পাকিস্তানে ভাৰতৰ মাটিত দুখন টি–২০ আৰু তিনিখন এদিনীয়া মেচ খেলিছিল৷ একেদৰে ২০০৭ চনৰ পৰা দল দুটাৰ মাজত দ্বিপাক্ষিক টেষ্ট শৃংখলা বন্ধ হৈ আছে৷

সীমান্তত সন্ত্রাসবাদীৰ কূটাঘাতমূলক কার্য বন্ধ নোহোৱা পর্যন্ত পাকিস্তানৰ সৈতে কোনোধৰণৰ দ্বিপাক্ষিক ক্রীড়া ইভেণ্ট অনুষ্ঠিত নহয় বুলি ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে৷ এনে প্রেক্ষাপটত অহা বর্ষৰ টি–২০ বিশ্বকাপত ভাৰত চৰকাৰে পাকিস্তানী খেলুৱৈক ভিছা প্রদানৰ পৰা বিৰত থকাৰ আশংকা কৰি পাকিস্তান ক্রিকেট ব’র্ডে আই চি চিক আগতীয়াকৈ আহ্বান জনাইছে৷

You might also like