নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত ২০০ মেচ খেলি ধোনীৰ অভিলেখ

নিয়মীয়া বাৰ্তা,  ২০ অক্টোবৰঃ আই পি এলত ২০০ মেচ খেলা প্রথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে   খেলপথাৰত নমাৰ লগে লগে তাৰকাগৰাকী এই মাইলষ্ট’নত উপনীত হয়৷ চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এলত তিনিটাকৈ খিতাপ জয় কৰা ধোনীয়ে প্রতিযোগিতাখনত এইপর্যন্ত ৪৫৬৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আই পি এলত সর্বাধিক মেচ খেলাৰ তালিকাত ধোনীৰ পিছতে স্থান লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মা আৰু চেন্নাই ছুপাৰ কিংছৰ বাঁওহতীয়া বেটছমেন সুৰেশ ৰাইনাই৷ ৰোহিতে ১৯৭খন আৰু ৰাইনাই ১৯২খন মেচ খেলিছে৷

You might also like