নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভি–নীল হত্যাকাণ্ড : আজি আদালতত সাব্যস্ত হ’ব দোষী

কাৰ্বি আংলং জিলাত সংঘটিত হোৱা চাঞ্চল্যকৰ অভি–নীল হত্যাকাণ্ডৰ গোচৰ এতিয়া শেষবিন্দুত উপনীত হৈছে। আজি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত এই জঘন্য হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তসকলৰ দোষ সাব্যস্ত হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, এই গোচৰৰ পৰৱৰ্তী শুনানিত আদালতে দোষী সাব্যস্ত হোৱা অভিযুক্তসকলৰ শাস্তি ঘোষণা কৰিব। দীৰ্ঘ আঠ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এতিয়া এই গোচৰটো পৰিসমাপ্তিৰ দিশে আগবঢ়া দেখা গৈছে।

জানিব পৰা মতে, এই জঘন্য হত্যাকাণ্ডটোৰ গোচৰ নম্বৰ হৈছে ৫৩ (এন)/২০১৮। ২০১৮ চনৰ ৮ জুন তাৰিখে কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত সংঘটিত হৈছিল এই নৃশংস ঘটনা।

সেইদিনা একাংশ উন্মত্ত লোকৰ দল এটাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক। এই ঘটনাই সমগ্ৰ অসমজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল।

দীৰ্ঘদিন ধৰি চলি থকা এই বিচাৰ প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হোৱাত ভুক্তভোগী পৰিয়াল তথা সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আজি আদালতৰ ৰায়ৰ ওপৰত নিবদ্ধ হৈ আছে।

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল

You might also like