আই পি এলত পুনৰ হাৰিল চিএছকে, দ্বিতীয় জয় পঞ্জাবৰ
ডিজিটেল ডেস্ক, ৪ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত ক্রমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে৷ শুকুৰবাৰে চেন্নাইত অনুষ্ঠিত মেচখনত ঘৰুৱা দল চেন্নায়ে পঞ্জাব কিংছৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷
ইপিনে, ক্রমাগত দ্বিতীয় বিজয় সাব্যস্ত কৰি পঞ্জাব কিংছে পইণ্ট তালিকাৰ শীর্ষ স্থানলৈ উন্নীত হৈছে৷ শুকুৰবাৰে অনুষ্ঠিত মেচখনত চেন্নায়ে জয়ৰ বাবে বান্ধি দিয়া ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শ্রেয়াছ আয়াৰৰ ৫০, প্রভছিমৰণ সিঙৰ ৪৩ আৰু প্রিয়াংশ আর্যৰ ৩৯ ৰানৰ সহায়ত পঞ্জাব কিংছে ১৮.৪ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ শশাংক সিঙে ১৪ আৰু ষ্ট’ইনিছে ৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও আয়ুস মাত্রেৰ দুর্দান্ত অর্ধশতক আৰু শিৱম ডুবেৰ বিস্ফোৰক ৪৫ ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ১৪ ৰানতে সঞ্জু ছেমছনৰ ৰূপত প্রথমটো উইকেট হেৰুৱাই চেন্নায়ে৷
প্রতিযোগিতাখনৰ প্রথমখন মেচত ব্যর্থ হোৱা সঞ্জুৱে আজিও বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ ৭টা বলত ৭ ৰান কৰি পেভিলিয়নমুখী হয় সঞ্জু৷ অৱশ্যে সঞ্জু আউট হোৱাৰ পিছত অধিনায়ক ৰুতুৰাজ গাইকোৱাডে আয়ুস মাত্রেৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৯৬ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ গাইকোৱাডে ২৮ ৰান কৰি বিদায় লোৱাৰ পিছত আয়ুস মাত্রে আৰু কার্তিক শর্মায়ো বিদায় লোৱাত দলটো পুনৰ বিপদত পৰে৷ মাত্রেই ৪৩টা বলত ৭৩ ৰান কৰাৰ বিপৰীতে কার্তিকে মাত্র ১ ৰান কৰি বিদায় লয়৷ দলীয় স্ক’ৰ ১৩০ ৰানত চাৰিটা উইকেট হেৰুৱায় যদিও ডুবেই ছৰফৰাজ খানৰ সৈতে পঞ্চম উইকেটত ৩৮ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ ছৰফৰাজে ১২টা বলত ৩২ ৰানৰ অৰিহণা আগবঢ়ায়৷
ইফালে, মাত্র ২৭টা বলত অপৰাজিতভাৱে ৪৫ ৰান কৰা ডুবেই প্রশান্ত বীৰৰ সৈতে লগ লাগি ষষ্ঠ উইকেটত অপৰাজিতভাৱে ৪১ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ পঞ্জাবৰ হৈ বিজয় কুমাৰ বৈশাকে সর্বাধিক দুটা উইকেট লয়৷