সন্মুখত আজি কলকাতা: প্লে অফত স্থান লাভৰ লক্ষ্য কেপিটেলছৰ
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ক’ৰোনাৰ আতংকৰ মাজতে সংযুক্ত আৰব আমিৰ শ্বাহীত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ প্লে–ফত স্থান লাভ কৰাৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব নৱাগত খেলুৱৈৰে সমৃদ্ধ দিল্লী কেপিটেলছ৷ আবু ধাবিত হ’বলগীয়া মেচখনত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডার্ছৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ এতিয়ালৈকে ১০খন মেচ খেলি সাতখনত বিজয় সাব্যস্ত কৰা দিল্লী কেপিটেলছে কাইলৈৰ মেচখনত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনৰ প্লে–ফত খেলাৰ লক্ষ্য লৈছে৷
আজিৰ এই গুৰুত্বপূর্ণ মেচখনত বেটছমেনসকলৰ পৰা উন্নত প্রদর্শনৰ আশা কৰিছে দলটোৰ অধিনায়ক শ্রেয়াছ আয়াৰে৷ কাইলৈৰ মেচখনৰ সন্দর্ভত অধিনায়ক শ্রেয়াছ আয়াৰে কয় যে কাইলৈৰ মেচখনত বিজয় সাব্যস্ত কৰি তেওঁলোকে প্লে–ফত স্থান সুৰক্ষিত কৰিব বিচাৰিছে৷ মেচখনত নাইট ৰাইডার্ছক সহজভাৱে নল’বলৈ সতীর্থসকলক সকীয়নি দি শ্রেয়াছ আয়াৰে কয় যে মিডল অর্ডাৰত ঋষভ পণ্ট আৰু মার্কাছ ষ্টইনিছে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিলে প্রতিপক্ষ দলটোৰ সন্মুখত আমি বৃহৎ স্ক’ৰ থিয় কৰাব পাৰিম৷
ইফালে, প্রতিযোগিতাখনত বর্তি থকাৰ বাবে কাইলৈৰ মেচখনত জয়লাভ কৰাটো অত্যন্ত প্রয়োজন হৈ পৰিছে ইয়ন মৰগান নেতৃত্বাধীন কলকাতা নাইট ৰাইডার্ছৰ৷ কলকাতাই এতিয়ালৈকে ১০খন মেচ খেলি পাঁচখনত জয় আৰু পাঁচখনত পৰাস্ত হৈ ১০ পইণ্ট সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷
খেলৰ সময়: বিয়লি ৩.৩০ বজা৷