নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থ টেষ্ট খেলিবলৈ দলত যোগ ধাৱন–আয়াৰৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্ট খেলিবলৈ সাজু হোৱাৰ সময়তে আজি দলীয় শিবিৰত যোগ দিছে তাৰকা বেটছমেন শিখৰ ধাৱন আৰু শ্রেয়াছ আয়াৰে৷ অহা ১২ মার্চৰ পৰা আহমেদাবাদত আৰম্ভ হ’বলগীয়া পাঁচখন মেচৰ টি–২০ শৃংখলাৰ বাবে তেওঁলোক মঙলবাৰে দলত যোগ দিছে৷ টেষ্ট দলৰ বাহিৰত থকা ধাৱন আৰু আয়াৰে শেহতীয়াকৈ বিজয় হাজাৰে এদিনীয়া ট্রফীত চমকপ্রদ প্রদর্শন দাঙি ধৰিছে৷

দিল্লীৰ হৈ বাঁওহতীয়া অ’পেনাৰ ধাৱনে মহাৰাষ্ট্রৰ বিৰুদ্ধে ১১৮টা বলত ১৫৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ একেদৰে, মুম্বাইৰ হৈ মিডল অর্ডাৰ বেটছমেন আয়াৰে প্রতিযোগিতাখনত দুটা শতক অর্জন কৰি আহমেদাবাদত উপস্থিত হৈছে৷ মহাৰাষ্ট্র আৰু ৰাজস্থানৰ বিৰুদ্ধে তেওঁ শতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷

You might also like