নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলৰ দায়িত্ব এৰিব দ্রাবিড়ে

🔹 সলনি হ’ব টীম ইণ্ডিয়াৰ প্রশিক্ষক

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : বিশ্বকাপৰ ফাইনেলত অষ্ট্রেলিয়াৰ হাতত পৰাজিত হয় ভাৰত৷ প্রশিক্ষক হিচাপে সম্ভৱতঃ এইখনেই অন্তিম মেচ হৈ ৰ’ব ৰাহুল দ্রাবিড়ৰ৷ বিশ্বকাপৰ পিছতে তেওঁৰ সৈতে ব’ৰ্ডৰ চুক্তি শেষ হৈছে৷ দ্রাবিড়ে সেই চুক্তি বৃদ্ধি কৰিবলৈ আগ্রহী নহয় বুলি জানিব পৰা গৈছে৷ ভাৰতীয় দলটোৰ প্রশিক্ষকৰ দায়িত্বত দেখা যাব পাৰে ভিভিএছ লক্ষ্মণক৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে কালিৰ পৰা আৰম্ভ হোৱা টি–২০ শৃংখলাত তেৱেঁই ভাৰপ্রাপ্ত প্রশিক্ষকৰ দায়িত্বত আছে৷ জানিব পৰা মতে, প্রশিক্ষকৰ দায়িত্বত থাকিব নিবিচাৰে বুলি ব’ৰ্ডৰ কর্মকর্তাসকলক জানিবলৈ দিছে দ্রাবিড়ে ৷ ইয়াৰ পিছতে প্রশিক্ষকৰ প্রতি আগ্রহী দেখুৱাইছে লক্ষ্মণে৷ সম্প্রতি তেওঁ ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বীৰ দায়িত্বত আছে৷ ইয়াৰ পূর্বে আয়াৰলেণ্ড টি–২০ শৃংখলা আৰু নিউজিলেণ্ড টি–২০ শৃংখলাতো অন্তর্ৱর্তীকালীন প্রশিক্ষকৰ দায়িত্ব পালন কৰিছে লক্ষ্মণে৷ ব’ৰ্ডৰ এটি সূত্রই ৱেবছাইটযোগে এইদৰে জনাইছে– লক্ষ্মণে প্রশিক্ষকৰ পদৰ প্রতি আগ্রহ দেখুৱাইছে৷ বিশ্বকাপৰ সময়ত আহমেদাবাদলৈ গৈ ব’ৰ্ডৰ শীর্ষ কর্মকর্তাসকলৰ সৈতে তেওঁ কথাও পাতিছে৷ প্রশিক্ষক হিচাপে তেওঁৰ দীর্ঘম্যাদী চুক্তিৰ সম্ভাৱনা আছে৷ দক্ষিণ আফ্রিকা ভ্রমণতো তেৱেঁই প্রশিক্ষক হিচাপে থকাটো প্রায় নিশ্চিত৷ পূর্ণ সময়ৰ প্রশিক্ষক হিচাপে সেইটোৱেই হ’ব তেওঁৰ প্রথম ভ্রমণ ৷ দক্ষিণ আফ্রিকা ভ্রমণত টি–২০ শৃংখলা আৰম্ভ হ’ব ১০ ডিচেম্বৰত৷ ভাৰতীয় দলটো ৪ ডিচেম্বৰত ৰাওনা হোৱাৰ কথা ৷ দ্রাবিড় সম্পর্কে ব’ৰ্ডৰ সূত্রটোৱে জনাইছে– ৰাহুলে ব’ৰ্ডক জানিবলৈ দিছে যে তেওঁ পূর্ণ সময়ৰ প্রশিক্ষক হিচাপে থাকিব নিবিচাৰে৷ ক্রিকেট খেলি থকাৰ সময়ত একেৰাহে ২০ বছৰ দলৰ সৈতে অহা–যোৱা কৰিছে৷ বিগত দুবছৰ প্রশিক্ষক হিচাপেও একেই কামেই কৰিছে৷ এই চাপৰ মাজেৰে আৰু যাব নিবিচাৰে তেওঁ৷ এনচিএৰ প্রধান হিচাপে পুনৰ কাম কৰিবলৈ আগ্রহী দ্রাবিড়৷ সেয়া হ’লে নিজৰ চহৰ বাংগালুৰুতে থাকিব পাৰিব৷ কিন্তু আৰু পূর্ণ সময়ৰ প্রশিক্ষকৰূপে থাকিবলৈ তেওঁ সন্মত নহয়৷ জানিব পৰা মতে, দ্রাবিড়ে আইপিএলৰ কোনো দলৰ সৈতেও জড়িত হ’ব পাৰে৷ দুই–এটা দলৰ সৈতে কথা–বতৰা চলা বুলিও জানিব পৰা গৈছে৷ এইক্ষেত্রত তেওঁ ব’ৰ্ডৰ কোনো পদত থাকিব নোৱাৰিব৷ দ্রাবিড়ৰ সৈতে থকা কোচিং ষ্টাফ দায়িত্বত থাকিব পাৰিব৷

You might also like