উশ্বুত সোণৰ পদকেৰে উজলিল বকোৰ ইলিনা ৰাভা
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ আত্মৰক্ষা আৰু শৰীৰ চৰ্চাৰ কৌশলী খেল উশ্বু। এই উশ্বু খেলত কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত কালিয়াবড়ী গাঁৱৰ ইলিনা ৰাভাই সন্মান আৰু বঁটা বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গোলাঘাট জিলাত অনুষ্ঠিত দ্বাদশ ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত উশ্বু চেম্পিয়নশ্বিপ-২০২৩ বৰ্ষৰ খেলত ইলিনাই জুনিয়ৰ শাখাত খেলি সোণৰ পদক লাভ কৰে। আনহাতে, আগন্তুক পঞ্জাবত অনুস্থিত হ’ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। বকোৰ কালিয়াবড়ী গাঁৱৰ স্বপন ৰাভা আৰু কবিতা ৰাভাৰ জীয়ৰী ইলিনা কোকৰাঝাৰত ছাই একাডেমীত প্ৰশিক্ষণ লৈ থকা খেলুৱৈ। উল্লেখ্য যে অসম উশ্বু এছোচিয়েচনৰ উদ্যোগত গোলাঘাট জিলা সমিতিৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত কামৰূপ জিলাৰ হৈ ৫২ কেজিৰ তলৰ শাখাত খেলি শ্ৰেষ্ঠত্ব অৰ্জন কৰে।
প্ৰেৰক বিষ্ণু ৰাম দাস