নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো প্রকাৰে আয়োজন কৰিব আইপিএল

দর্শকবিহীন ষ্টেডিয়ামতো পাতিবলৈও সাজু আছে বিচিচিআই

নিয়মীয়া বাৰ্তা ১২ জুনঃ যিকোনো প্রকাৰে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজন কৰিবলৈ উঠি–পৰি লাগিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বিগত মার্চ মাহৰ পৰাই অন্য ক্রিকেট প্রতিযোগিতাসমূহৰ লগতে বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতা আইপিএলখনো স্থগিত ৰাখিবলগীয়া হৈছে৷ কিন্তু বর্তমান বিচিচিআয়ে আইপিএলখন যিকোনো প্রকাৰে আয়োজন কৰাৰ চেষ্টা চলাই থকা বুলি উল্লেখ কৰিছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ কোনো কাৰণতে আইপিএলখন স্থগিত ৰাখিব বিচৰা নাই বুলি উল্লেখ কৰি বিচিচিআইৰ সভাপতি গাংগুলীয়ে কয় যে চলিত বর্ষৰ ঐশ্বর্যশালী প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে তেওঁলোক ইচ্ছুক আৰু দর্শকবিহীন ষ্টেডিয়ামতো প্রতিযোগিতাখন আয়োজন কৰিবলৈ বিচিচিআই সাজু আছে বুলি গাংগুলীয়ে মন্তব্য কৰে৷ আইপিএলখন আয়োজনৰ সন্দর্ভত অচিৰেই সিদ্ধান্ত ল’ব বুলি বিচিচিআইৰ সভাপতিগৰাকীয়ে ব’ডৰ অন্য বিষয়ববীয়াসকলক অৱগত কৰাইছে বুলি এক সংবাদ–পত্রত সদৰী৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে যদি ভাৰতত আইপিএলখন আয়োজন কৰিব নোৱাৰে, তেতিয়াহ’লে অন্য স্থানতো আয়োজন কৰিবলৈ সম্পূর্ণৰূপে সাজু আছে বিচিচিআই৷ প্রয়োজন সাপেক্ষে আইপিএলখন দর্শকবিহীন ষ্টেডিয়ামতো পাতিবলৈ ব’ৰ্ড ৰাজি বুলি সভাপতি গাংগুলীয়ে জনায়৷ উল্লেখ্য যে মঙলবাৰে আইচিচিয়ে টি–২০ বিশ্বকাপখন আয়োজনৰ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণৰ পাছতে আইপিএলৰ সময়সূচী নির্ধাৰণ কৰিব পাৰিব বুলি বিচিচিআয়ে আশা ব্যক্ত কৰিছিল যদিও সেয়া সম্ভৱপৰ হৈ নুঠিল৷ কিয়নো, আইচিচিয়ে বিশ্বকাপখনৰ আয়োজনৰ ক্ষেত্রত জুলাই মাহতহে সিদ্ধান্ত ল’ব৷ ফলত ঐশ্বর্যশালী প্রতিযোগিতাখন আয়োজনৰ দিন ঠিক কৰাত পুনৰ সমস্যাত পৰে বিচিচিআই৷ এতিয়া টি–২০ বিশ্বকাপখনৰ সময়সূচীক লৈ বাট চাই থাকিব বিচৰা নাই বিচিচিআই আৰু যিকোনো প্রকাৰে আইপিএলখন আয়োজন কৰাৰ বাবে চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে।

You might also like