নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগোক পৰাস্ত কৰি ৰাউণ্ড অৱ-১৬ত ইংলেণ্ড

ফিফা বিশ্বকাপ ২০২৬ৰ ৰাউণ্ড অৱ-৩২ত ডি আৰ কংগোৰ বিৰুদ্ধে পিছ পৰিও দৃষ্টিনন্দন প্ৰত্যাৱৰ্তন কৰি শীৰ্ষ-১৬ত প্ৰৱেশ কৰিলে ইংলেণ্ডে। বুধবাৰে জৰ্জিয়াৰ আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত অধিনায়ক হেৰী কেনে দ্বিতীয়াৰ্ধত দুটা গ’ল কৰি ইংলেণ্ডক ২-১ গ’লৰ জয় উপহাৰ দিয়ে।

খেলখনৰ আৰম্ভণিতে ডি আৰ কংগোৱে ইংলেণ্ডক আচৰিত কৰি তোলে। সপ্তম মিনিটত অধিনায়ক চেঞ্চেল মবেম্বাৰ ক্ৰছৰ সুবিধা লৈ ব্ৰায়ান চিপেংগাই শক্তিশালী শ্বটৰে গ’ল কৰি দলটোক ১-০ ব্যৱধানত আগুৱাই নিয়ে।

ইয়াৰ পিছত ইংলেণ্ডে বলৰ অধিকাংশ সময় নিয়ন্ত্ৰণত ৰাখিলেও ডি আৰ কংগোৰ সুসংগঠিত ৰক্ষণভাগ ভেদ কৰিব পৰা নাছিল। প্ৰথমাৰ্ধৰ অন্তিম মুহূৰ্তত হেৰী কেনৰ পেনাল্টিৰ আবেদন নাকচ কৰে ৰেফাৰীয়ে আৰু ভিএআৰেও সেই সিদ্ধান্ত বাহাল ৰাখে। তাৰ কিছু সময় পিছতে গোলৰক্ষক লিয়’নেল এমপাছিয়ে কেনৰ নিশ্চিত গ’লৰ সুযোগো ৰোধ কৰে।

দ্বিতীয়াৰ্ধত ইংলেণ্ডৰ প্ৰশিক্ষক থমাছ টুখেলে একাধিক কৌশলগত পৰিৱৰ্তন আনি এন্থনি গৰ্ডন, বুকায়ো ছাকা আৰু এবেৰেচি ইজেক নমায়। এই পৰিৱৰ্তনৰ ফল তৎক্ষণাৎ দেখা যায়।

৭৫ মিনিটত ডেকলান ৰাইচৰ পৰা বল পাই এন্থনি গৰ্ডনে বক্সলৈ নিখুঁত ক্ৰছ আগবঢ়ায়। সেই ক্ৰছত হেডাৰে গ’ল কৰি সমতা ঘূৰাই আনে হেৰী কেনে।

খেলখন অতিৰিক্ত সময়লৈ যোৱাৰ সম্ভাৱনা থাকোঁতেই ৮৬ মিনিটত পুনৰ গৰ্ডনৰ পাছ পাই বক্সৰ সীমাৰ ওচৰত বল নিয়ন্ত্ৰণ কৰি ডিফেণ্ডাৰক ফাঁকি দি ৯৪ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগৰ শক্তিশালী শ্বটৰে বিজয়সূচক গ’লটো দিয়ে কেনে।

এই দুটা গ’লৰ সৈতে বিশ্বকাপত হেৰী কেনৰ মুঠ গ’লৰ সংখ্যা ১৩টালৈ বৃদ্ধি পায়। ইয়াৰ জৰিয়তে তেওঁ কিংবদন্তি পেলেৰ বিশ্বকাপ গ’লৰ অভিলেখ অতিক্ৰম কৰাৰ লগতে ফ্ৰান্সৰ জাষ্ট ফণ্টেইনৰ সমান গ’লৰ অধিকাৰী হয়। চলিত বিশ্বকাপত কেনৰ গ’লৰ সংখ্যা এতিয়া ৫টা, যাৰ ফলত গোল্ডেন বুটৰ দৌৰত তেওঁ শীৰ্ষস্থানীয় প্ৰতিদ্বন্দ্বী হিচাপে আছে।

এই জয়ৰ ফলত ইংলেণ্ডে ৰাউণ্ড অৱ ১৬ত প্ৰৱেশ নিশ্চিত কৰিছে। অহা ৫ জুলাইত মেক্সিকো চিটিৰ ঐতিহাসিক এষ্টাডিঅ’ আজ্টেকা ষ্টেডিয়ামত সহ-আয়োজক মেক্সিকোৰ বিৰুদ্ধে খেলিব ইংলেণ্ডে।

ডিজিটেল ডেস্ক, ২ জুলাই

You might also like