আই পি এলৰ ইতিহাসত প্রথম: ১৫৬ কিঃমিঃ গতিৰ বলেৰে নর্টজেৰ চমক
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ ধুমুহা গতিৰ বলেৰে আই পি এলত চমক সৃষ্টি কৰিছে দিল্লী কেপিটেলছৰ তাৰকা বেগী বলাৰ এনৰিচ নর্টজেই৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে যোৱানিশা দক্ষিণ আফ্রিকাৰ বেগী বলাৰগৰাকীয়ে প্রতি ঘণ্টাত ১৫৬.২২ কিঃমিঃ বেগেৰে বল কৰি আই পি এলৰ ইতিহাসত সর্বাধিক গতিসম্পন্ন বলাৰ হিচাপে অভিলেখ ৰচে৷ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ তাৰকা বেগী বলাৰ ডেল ষ্টেইনৰ অভিলেখ অতিক্রম কৰি নর্টজেই এই বিৰল মাইলষ্ট’নত উপনীত হয়৷
উল্লেখ্য যে ডেল ষ্টেইনে আই পি এলত প্রতি ঘণ্টাত ১৫৪.৪ কিঃমিঃ বেগেৰে বল কৰিছিল৷ দক্ষিণ আফ্রিকাৰ আন এগৰাকী উদীয়মান বেগী বলাৰ কাগিছ’ ৰাবাডায়ো ১৫৪.২ কিঃমিঃ বেগেৰে বল কৰি আই পি এলত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু এনৰিচ নর্টজেই যোৱানিশা এই সকলো অভিলেখ ভংগ কৰি ১৫৬.২২ কিঃমিঃ বেগেৰে বল কৰি চলিত আই পি এলত খলকনি তুলিছে৷ তেওঁৰ এই ধুমুহা গতিৰ বলৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৰাজস্থান ৰয়েলছৰ অভিজ্ঞ বেটছমেন জ’ছ বাটলাৰ আৰু ৰবীন উথাপ্পা ক্লিন ব’ল্ড হয়৷
ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্রিছ ৱকছৰ স্থানত দিল্লী কেপিটেলছে দলত অন্তর্ভুক্ত কৰা নর্টজেই এইবাৰৰ আই পি এলত দুর্দান্ত বলিঙেৰে এতিয়ালৈকে ১০টা উইকেট দখল কৰিছে৷ দক্ষিণ আফ্রিকাৰ হৈ তেওঁ ছয়খন টেষ্ট, সাতখন এদিনীয়া আৰু তিনিখন আন্তঃৰাষ্ট্রীয় টি–২০ মেচ খেলিছে৷