নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্রথম অস্কাৰ বিজয়ী ভানু আথাইয়াৰ দেহাৱসান

বিশ্বখ্যাত ‘গান্ধী’ ছবিৰ কষ্টিউম ডিজাইনাৰ

নিয়মীয়া বাৰ্তা  ১৬  অক্টোবৰঃ বিশ্ব চলচ্চিত্র জগতৰ সর্বোচ্চ সন্মান অস্কাৰ বিজয়ী প্রথম ভাৰতীয়, প্রবীণ কষ্টিউম ডিজাইনাৰ ভানু আথাইয়া আৰু নাই৷ ১৯৮৩ চনত ৰিছার্ড এটেনব’ৰৰ গান্ধী ছবিৰ বাবে অস্কাৰ বঁটাপ্রাপ্ত কষ্টিউম  ডিজাইনাৰ ভানু আথাইয়াৰ বৃহস্পতিবাৰে নিচেই পুৱাতে মুম্বাইৰ নিজা বাসভৱনত পৰলোকপ্রাপ্তি ঘটে৷ বিগত তিনি বছৰ ধৰি শয্যাগত হৈ থকা কষ্টিউম ডিজাইনাৰ আথাইয়াৰ ৯১ বছৰ বয়সত বিয়োগ ঘটা বুলি তেওঁৰ কন্যা ৰাধিকা গুপ্তাই প্রকাশ কৰাৰ লগে লগে শোকত ম্রিয়মাণ হৈ পৰে চলচ্চিত্র জগত৷ পাঁচ দশক ধৰি শতাধিক ছবিত কষ্টিউম ডিজাইনাৰ হিচাপে আত্মনিয়োগ কৰা ভানু আথাইয়াই গুলজাৰৰ ‘লেকিন’ (১৯৯০) আৰু আশুতোষ গোৱাৰিকৰৰ ‘লগান’ (২০০১) ছবিৰ বাবে ৰাষ্ট্রীয় চলচ্চিত্রৰ শ্রেষ্ঠ কষ্টিউম ডিজাইনাৰৰ বঁটা লাভ কৰে৷ আথাইয়াৰ ৮ বছৰ পূর্বে মগজুৰ টিউমাৰ ধৰা পৰে আৰু পিছলৈ তেওঁৰ শৰীৰৰ এফাল পক্ষাঘাতত আক্রান্ত হয়৷ বিগত তিনি বছৰ ধৰি শয্যাগত হৈ থকা প্রবীণ কষ্টিউম ডিজাইনাৰ ভানু আথাইয়াই ব্রিটিছশাসিত ভাৰতৰ কোলহাপুৰ প্রদেশৰ কোলহাপুৰত জন্মগ্রহণ কৰিছিল৷ ১৯২৯ চনৰ ২৮ এপ্রিলত বর্তমানৰ মহাৰাষ্ট্রৰ কোলহাপুৰত ভানুমতী আন্নাচাহেব ৰাজপাধ্য হিচাপে জন্মগ্রহণ কৰি পিছলৈ ভানু আথাইয়া হিচাপে পৰিচিত হৈ পৰে৷ ১৯৫৬ চনত কিংবদন্তি চলচ্চিত্র নির্মাতা গুৰুদত্তৰ ছুপাৰহিট ‘চিআইডি’ ছবিৰে বলীউডত কষ্টিউম ডিজাইনাৰ হিচাপে আত্মপ্রকাশ ঘটা ভানু আথাইয়াই ফ্রী লেন্স ফেশ্বন ইলাষ্টেটৰ হিচাপে বিভিন্ন মহিলা আলোচনীত কার্যনির্বাহ কৰিছিল৷ ‘ইভ’ সাপ্তাহিকৰ সম্পাদকে আথাইয়াক বুটিক খেলিবলৈ দিয়ে আৰু তাতেই কাপোৰৰ ডিজাইনিং আৰম্ভ কৰে৷ ইয়াৰ পাছতেই বলীউডত ‘চিআইডি’ৰ যোগে আত্মপ্রকাশ কৰি নিজৰ প্রতিভাৰ উজ্জ্বল নিদর্শন দেখুৱাই চলচ্চিত্র জগতৰ মহাৰথী নির্মাতাৰ সৈতে কাম কৰে৷ শতাধিক ছবিত কষ্টিউম ডিজাইনাৰ হিচাপে কাম কৰা আথাইয়াই য়শ চোপ্রা, বি আৰ চোপ্রা, ৰাজ কাপুৰ, বিজয় আনন্দ, ৰাজ খোচলাৰ লগতে আন্তর্জাতিক চলচ্চিত্র পৰিচালক কনৰেড ৰুকছ আৰু ৰিছার্ড এটেনব’ৰৰ সৈতে কাম কৰিবলৈ সুযোগ লাভ কৰিছিল৷ ৫ দশকজোৰা চলচ্চিত্র জগতত কষ্টিউম ডিজাইনাৰ হিচাপে কাম কৰা আথাইয়াই অস্কাৰ বঁটাৰ উপৰি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ গান্ধীৰ বাবে অস্কাৰ বঁটা লাভ কৰা ভানু আথাইয়াই ফিল্মফেয়াৰৰ জীৱনজোৰা সাধনা বঁটাৰেও সন্মানিত হয়৷ গান্ধী ছবিৰ বাবে জন ম’লৰ সৈতে যুটীয়াভাৱে অস্কাৰ বঁটা লাভ কৰা ভানু আথাইয়া এই বঁটা লাভ কৰা প্রথম ভাৰতীয় হিচাপে দেশক গৌৰৱান্বিত কৰিছিল৷ ২০১০ চনৰ মার্চত হাৰপাৰ কলিন্সৰ দ্বাৰা প্রকাশিত আথাইয়াৰ গ্রন্থ ‘দ্য আর্ট অৱ কষ্টিউম ডিজাইনছ’ মুকলি কৰা হয় আৰু ইয়াৰে এটা কপী শান্তিৰ ন’বেল বঁটা বিজয়ী দালাই লামাক উপহাৰ হিচাপে প্রদান কৰে আথাইয়াই৷ উল্লেখ্য যে প্রবীণ কষ্টিউম ডিজাইনাৰ আথাইয়াৰ শেষকৃত্য দক্ষিণ মুম্বাইৰ চন্দনৱাড়ি শ্মশানত সম্পন্ন কৰা হয়৷

You might also like