নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা ১৭ বছৰ অনূর্ধ্বমহিলা বিশ্বকাপ: ভাৰতত খেলিব ডিফেণ্ডিং চেম্পিয়ন স্পেইন–ইংলেণ্ড–জার্মানীয়ে

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ডিফেণ্ডিং চেম্পিয়ন স্পেইন আৰু ইউৰোপৰ দুই শক্তিশালী দল ইংলেণ্ড আৰু জার্মানীয়ে ভাৰতত অহাবর্ষত অনুষ্ঠিত হ’বলগীয়া ফিফা ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপত অংশ ল’ব৷ ইউৰোপিয়ান কোৱালিফায়িং প্রতিযোগিতা মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে বাতিল হোৱাত স্পেইন, ইংলেণ্ড আৰু জার্মানীয়ে ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপলৈ ৰেংকিঙৰ ভিত্তিত যোগ্যতা অর্জন কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটী (এল’চি)য়ে আজি এই কথা ঘোষণা কৰে৷ ‘ওৱেফা ১৭ বছৰ অনূর্ধ্ব মহিলা চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ মেচসমূহ ক’ভিড–১৯ মহামাৰীৰ বাবে বাতিল হৈছে৷

ইয়াৰ ফলত ইংলেণ্ড, জার্মানী আৰু স্পেইনে সর্বোচ্চ ৰেংকিঙৰ ভিত্তিত আগন্তুক ফিফা ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপত অংশগ্রহণ কৰাটো নিশ্চিত হৈছে৷’– এল’চিৰ প্রেছ বিজ্ঞপ্তিত এইদৰে কোৱা হৈছে৷ উল্লেখ্য যে ২০১৮ৰ ১৭ বছৰ অনূর্ধ্বমহিলা বিশ্বকাপত স্পেইনে মেক্সিকোক হৰুৱাই চেম্পিয়নৰ সন্মান অর্জন কৰিছিল৷ স্পেইন, ইংলেণ্ড আৰু জার্মানীৰ লগতে আয়োজক ভাৰত, উত্তৰ কোৰিয়া, জাপান আৰু নিউজিলেণ্ডে এইপর্যন্ত মেগা ইভেণ্টখনলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনূর্ধ্ব ফিফা মহিলাৰ বিশ্বকাপ প্রকৃতার্থত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড–১৯ মহামাৰীৰ বাবে প্রতিযোগিতাখন ২০২১ৰ ১৭ ফেব্রুৱাৰী–৭ মার্চলৈ পিছুৱাই দিয়া হৈছে৷ প্রতিযোগিতাখনৰ অন্যতম ভেন্যু হ’ল গুৱাহাটীৰ সৰুসজাই এথলেটিক ষ্টেডিয়াম৷

You might also like