নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপ ফুটবলত লাখ লাখ অনুৰাগীৰ চিঞৰ-“আমাক বীয়েৰ লাগে, বীয়েৰ দিয়ক”

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: কাটাৰত দেওবাৰৰ পৰা আৰম্ভ হোৱা ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হোৱাৰ ২৪ ঘণ্টাৰ পূর্বে বীয়েৰ–সুৰা নিষিদ্ধ কৰিছিল কাটাৰে৷ আয়োজক দেশখনৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছিল ফুটবল অনুৰাগীসকল৷ দেওবাৰে আল বায়াট ষ্টেডিয়ামত কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত মেচখন উপভোগৰ বাবে ষ্টেডিয়ামত উপস্থিত থকা অনুৰাগীসকলে কাটাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰা দেখা গৈছিল৷ মেচখন আৰম্ভ হোৱাৰ কেইমিনিটমান পিছতে ষ্টেডিয়ামত বহি থকা ইকুৱেডৰৰ লাখ লাখ অনুৰাগীয়ে চিঞৰিবলৈ ধৰিলে আমাক বীয়েৰ লাগে, আমাক বীয়েৰ দিয়ক৷ দীর্ঘসময় ধৰি ইকুৱেডৰৰ ফুটবলপ্রেমীসকলে দি থকা এই শ্লোগানত স্বাভাৱিকতে অস্বস্তিত পৰে আয়োজক৷ বিশ্বকাপৰ প্রথমখন মেচ চাবলৈ দেশৰ শাসক আৰু অন্যান্য বিষয়ববীয়াসকল আহিছিল৷ তেওঁলোকৰ সন্মুখত এনেদৰে প্রতিবাদ কৰাটো আয়োজকসকলৰ বাবে শুভ লক্ষণ নাছিল৷ উল্লেখ্য যে কাটাৰে দেশৰ ৰাজপৰিয়ালৰ বাবে ষ্টেডিয়ামত বীয়েৰ–সুৰা বিক্রী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু ৰাজপৰিয়ালৰ এই আদেশ প্রত্যক্ষভাৱে নাকচ কৰিব নোৱাৰি বিশ্বকাপৰ আয়োজকসকলে আটাইকেইখন ষ্টেডিয়ামতে বীয়েৰ–সুৰাৰ বিক্রী নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like