নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ২৪ ঘণ্টা বন্ধ অ’লা–উবেৰ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: আজি  পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টাৰ বাবে গুৱাহাটী মহানগৰীত বন্ধ থাকিব অ’লা–উবেৰ সেৱা৷ কেবচালকসকলক অ’লা–উবেৰ–পে’–ইণ্ডিয়া কর্তৃপক্ষই প্রতাৰণা কৰাৰ অভিযোগত সদৌ গুৱাহাটী কেবচালক ইউনিয়ন আৰু সদৌ অসম কেব অপাৰেটৰছ ইউনিয়নে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ সদৌ অসম কেব অপাৰেটৰছ ইউনিয়নৰ সভাপতি বিষ্ণু দাস আৰু সদৌ গুৱাহাটী কেবচালক ইউনিয়নৰ সভাপতি লাকী আলীয়ে জানিবলৈ দিয়া মতে অ’লা–উবেৰ আৰু পে’–ইণ্ডিয়াৰ কর্তৃপক্ষই চালকসকলক দীর্ঘদিনৰ পৰাই প্রতাৰণা কৰি আহিছে৷

মহানগৰীত কেব সেৱাৰ নামত বহিঃৰাজ্যৰ প্রতিষ্ঠানসমূহে কেবচালকৰ লগতে গ্রাহকসকলক মাধমাৰ শোধাইছে৷ এই সন্দর্ভত কেবচালকসকলৰ বিভিন্ন আন্দোলনৰ পিছত প্রতিষ্ঠানসমূহে কমিছনৰ পৰিমাণ হ্রাস কৰাৰ কথা কৈ আহিছে যদিও সেয়া কার্যকৰী কৰা নাই৷ বিশেষকৈ অলপতে অ’লা–উবেৰ আৰু পে’–ইণ্ডিয়াৰ কর্তৃপক্ষৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু কেবচালক ইউনিয়নৰ বিষয়ববীয়াৰ সৈতে আলোচনা অনুষ্ঠিত হয়৷

উক্ত আলোচনাত কেবচালকসকলক প্রতি ট্রিপত ৮০ শতাংশ আৰু অ’লা–উবেৰ কর্তৃপক্ষই ২০ শতাংশ কমিছন লোৱাৰ কথা হৈছিল যদিও সেয়া আজিও কার্যকৰী কৰা নহ’ল৷ সদৌ অসম কেব অপাৰেটৰছ ইউনিয়নে উপায়ুক্তৰ সৈতে হোৱা আলোচনা সভাত গ্রহণ কৰা সিদ্ধান্তসমূহ ২০ নৱেম্বৰৰ ভিতৰত কার্যকৰী কৰিবলৈ অ’লা–উবেৰ কর্তৃপক্ষক সময়সীমা বান্ধি দিছিল৷ নির্দিষ্ট সময়ৰ ভিতৰত অ’লা–উবেৰ কর্তৃপক্ষই উপায়ুক্তৰ উপস্থিতিত গ্রহণ কৰা সিদ্ধান্ত কার্যকৰী নকৰাৰ বাবেই কেবচালকসকলৰ দুয়োটা সংগঠন ক্ষোভত ফাটি পৰিছে৷ সেয়েহে আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীত পৰৱর্তী ২৪ ঘণ্টাৰ বাবে কেব সেৱা বন্ধ কৰি চালকসকলে প্রতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীত আঠ সহস্রাধিক কেব চলি আছিল যদিও অ’লা–উবেৰ কর্তৃপক্ষৰ হেমাহিৰ বাবে ক্রমাৎ কেবচালকৰ সংখ্যা হ্রাস পাই প্রায় ৫০০লৈ অৱনমিত হৈছে৷ নীতিবহির্ভূতভাৱে ৫ শতাধিক চালকৰ একাউণ্ট সাত দিনৰ পৰা ২৮ দিনলৈ বন্ধ কৰি দিয়াৰ পৰিপ্রেক্ষিতত চালকসকলৰ জীৱিকা একপ্রকাৰ বন্ধ হৈ পৰিছে৷ ইতিমধ্যে অ’লা–উবেৰ কর্তৃপক্ষৰ মইমতালিৰ বাবে বেংকৰ পৰা ঋণ লৈ বাহন ক্রয় কৰা বহু চালকে গাড়ী বিক্রী কৰাৰ লগতে কেইবাজনো চালকে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈ অকালতে মৃত্যুবৰণ কৰা বুলি কেবচালক ইউনিয়নৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে৷ অনাগত দিনত কেব সেৱাৰ নামত মইমতালি চলোৱা অ’লা–উবেৰ কর্তৃপক্ষই বন্ধ কৰি থোৱা চালকসকলৰ একাউণ্ট কার্যক্ষম কৰি নিদিলে জংগী আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিয়ে৷

You might also like