বৰ্ষাপাৰা ষ্টেডিয়াম-ত এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলসহ ৫খন মেচ
মহিলা এদিনীয়া বিশ্বকাপৰ সূচী ঘোষণা, ৫ অক্টোবৰত কলম্বোত ভাৰত–পাকিস্তান
বৰ্ষাপাৰা ষ্টেডিয়াম-ত এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলসহ ৫খন মেচ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুন : ৰাজ্যৰ ক্রিকেটপ্রেমীসকলৰ বাবে আন এক সুখবৰ৷ আসন্ন আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন ছেমিফাইনেল মেচসহ গুৱাহাটীত অনুষ্ঠিত হ’ব মুঠ ৫খনকৈ মেচ৷
ভাৰত আৰু শ্রীলংকাৰ যৌথ উদ্যোগত অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ সময়সূচী ঘোষণা কৰিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷
মন কৰিবলগীয়া যে ভাৰতত ২০১৩ চনৰ পিছত প্রথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব৷ আইচিচিয়ে প্রকাশ কৰা বিশ্বকাপৰ সূচীয়ে ৰাজ্যৰ অনুৰাগীসকললৈ এক সুখবৰ কঢ়িয়াই আনিছে৷ সূচী অনুসৰি ৰাজ্যৰ ক্রিকেটপ্রেমীয়ে স্বচক্ষুৰে ষ্টেডিয়ামৰ গেলাৰীত বহি উপভোগ কৰিব পাৰিব বিশ্বকাপৰ মেচ৷
বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আয়োজক ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে খেলিব বিশ্বকাপৰ উদ্বোধনী মেচ৷ চিন্নাস্বামীৰ লগতে গুৱাহাটীৰ বর্ষাপাৰা, ইন্দোৰৰ হোলকাৰ ষ্টেডিয়াম, বিশাখাপট্টনমৰ এচিএ–ভিডিচিএ ষ্টেডিয়াম আৰু কলম্বোৰ আৰ প্রেমাদাসা ষ্টেডিয়ামত বিশ্বকাপৰ মেচসমূহ অনুষ্ঠিত হ’ব৷
ভাৰত, অষ্ট্রেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, শ্রীলংকা, বাংলাদেশ আৰু পাকিস্তানে আগন্তুক এই বিশ্বকাপত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ প্রতিযোগিতাখনৰ বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন ৫ অক্টোবৰত কলম্বোত অনুষ্ঠিত হ’ব৷
প্রতিযোগিতাৰ ঘোষিত সূচী অনুসৰি গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামে লীগ পর্যায়ৰ চাৰিখন মেচ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে৷ তদুপৰি প্রতিযোগিতাৰ প্রথমখন ছেমিফাইনেলৰ বাবেও বর্ষাপাৰাক আয়োজনৰ স্বত্ব দিয়া হৈছে৷
অৱশ্যে পাকিস্তানে যদি প্রথমখন ছেমিত প্রৱেশ কৰে, তেতিয়াহ’লে মেচৰ স্থান সলনি হ’ব আৰু এই মেচখন শ্রীলংকাই আয়োজনৰ স্বত্ব লাভ কৰিব৷ গুৱাহাটীত ৭ অক্টোবৰত অনুষ্ঠিত হ’ব প্রথমখন মেচ৷
এই মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ইংলেণ্ড আৰু বাংলাদেশে৷ বিয়লি ৩ বজাৰ পৰা এই মেচখন আৰম্ভ হ’ব৷ গুৱাহাটীত দ্বিতীয়খন মেচ ১১ অক্টোবৰত ইংলেণ্ড আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’ব৷
আনহাতে ২৩ অক্টোবৰত ৰাজ্যৰ অনুৰাগীয়ে উপভোগ কৰিব পাৰিব ভাৰতীয় দলৰ মেচ৷ ভাৰতীয় দলে এই মেচখন নিউজিলেণ্ডৰ বিপক্ষে খেলিব৷ গুৱাহাটীত লীগ পর্যায়ৰ চতুর্থখন মেচ ২৬ অক্টোবৰত অনুষ্ঠিত হ’ব৷
এই মেচখনত প্রতিদ্বন্দ্বিতাত নামিব ইংলেণ্ড আৰু নিউজিলেণ্ড৷ মুঠতে বিশ্বকাপৰ চাৰিখনকৈ লীগ মেচৰ আনন্দ উপভোগ কৰিব পাৰিব ৰাজ্যৰ ক্রিকেট অনুৰাগীয়ে৷ প্রতিযোগিতাৰ প্রথমখন ছেমিফাইনেল ২৯ অক্টোবৰত আৰু দ্বিতীয়খন ছেমিফাইনেল ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব৷
ৰাউণ্ড ৰবীন পর্যায়ৰ পৰা শীর্ষ চাৰিটা দলে ছেমিফাইনেললৈ আগবাঢ়িব৷ প্রথম স্থানৰ দলটোৱে চতুর্থ স্থানৰ দলৰ বিপক্ষে আৰু দ্বিতীয় স্থানৰ দলটোৱে তৃতীয় স্থানৰ দলটোৰ বিপক্ষে খেলিব৷ প্রতিযোগিতাখনৰ দ্বিতীয়খন ছেমিফাইনেল বেংগালুৰুত অনুষ্ঠিত হ’ব৷
আনহাতে ২ নৱেম্বৰত বেংগালুৰু অথবা কলম্বোত অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচখন৷ মন কৰিবলগীয়া যে প্রতিযোগিতাখনৰ পাকিস্তানৰ আটাইকেইখন মেচ কলম্বোত অনুষ্ঠিত হ’ব৷